Foreigners: ✒️আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে এইবাৰ বৃহৎ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। ড্ৰাগছ সম্পৰ্কীয় অপৰাধত জড়িত ১৬ হেজাৰ বিদেশীক বিতাড়নৰ প্ৰস্তুতি আৰম্ভ কৰিছে গৃহ মন্ত্ৰালয়ে।
সম্প্ৰতি এই বিদেশী নাগৰিকসকলক দেশৰ কেবাখনো ৰাজ্যৰ কাৰাগাৰ বা ডিটেনচন কেম্পত ৰখা হৈছে। গৃহ মন্ত্ৰালয়ে জনাইছে যে, নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি)ৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
যাৰ লক্ষ্য দেশত ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক ভাঙি ‘ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ অভিযানক আৰু অধিক শক্তিশালী কৰা ।
কেন্দ্ৰীয় বিষয়াসকলৰ মতে, এই ১৬ হেজাৰ অপৰাধী ড্ৰাগছ সৰবৰাহ, পৰিবহণ আদিৰ স’তে জড়িত বিভিন্ন অপৰাধত জড়িত।অধিক অপৰাধীৰ অধিকাংশই বাংলাদেশ, ফিলিপাইনছ, ম্যানমাৰ, মালয়েছিয়া, ঘানা আৰু নাইজেৰিয়াৰ বাসিন্দা।
এনচিবিৰ প্ৰতিবেদন অনুসৰি এই অপৰাধীসকলে সংগঠিত নেটৱৰ্কৰ জৰিয়তে ভাৰতৰ মাটিত এক বিশাল ড্ৰাগছ ট্ৰানজিট হাব গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল। সূত্ৰ অনুসৰি এই অপৰাধীসকলৰ বিশদ তালিকা এনচিবিয়ে গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে।
দেশৰ নতুন অনুপ্ৰৱেশ আইনৰ জৰিয়তে চৰকাৰে নিজ নিজ দেশলৈ অপৰাধীক উভতাই পঠিয়াব।
এই পদক্ষেপে দেশত ড্ৰাগছ সৰবৰাহৰ শৃংখল ভাঙি পেলোৱাই নহয়, ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি অপৰাধ সংঘটিত কৰা কোনো লোকক চৰকাৰে সহ্য নকৰে বুলিও বাৰ্তা প্ৰেৰণ কৰিব।
কেন্দ্ৰীয় সংস্থাটোৰ তথ্য অনুসৰি বিগত কেইবছৰমানৰ পৰা দেশত ড্ৰাগছ সৰবৰাহৰ লগত বিদেশী নাগৰিকৰ জড়িততা ব্যাপকভাৱে বৃদ্ধি পাইছে। বৃহৎ চহৰ আৰু উপকূলীয় ৰাজ্যত এই কথা বেছিকৈ দেখা গৈছে।
যাৰ বাবে চৰকাৰে এই অপৰাধীসকলক বিতাড়িত কৰাৰ পদক্ষেপত গুৰুত্ব আৰোপ কৰিছে।
মন কৰিবলগীয়া যে মোডী চৰকাৰে দেশত ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে।






























