Himachal Pradesh:✒️অবিৰত বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে হিমাচল প্ৰদেশৰ মাণ্ডী। মঙলবাৰে পুৱা তাত এক বৃহৎ ভূমিস্খলন সংঘটিত হয়। আজি পুৱা মাণ্ডীৰ নিহৰি অঞ্চলত এটা ঘৰ ভাঙি নিহত হয় তিনিজন লোক। নিহত আটাইকেইজন সেই অঞ্চলৰে বাসিন্দা।
মাণ্ডীৰ আৰক্ষী অধীক্ষক সাক্ষী ভাৰ্মাই জানিবলৈ দিয়া মতে উদ্ধাৰ অভিযান আৰম্ভ হৈছে। সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডীৰ ধৰমপুৰ চহৰতো ক্ষতিগ্ৰস্ত হয়।
ধৰমপুৰ বাছ ষ্টেণ্ডত ৰখাই থোৱা বহু বাছ পানীয়ে উটুৱাই লৈ যায়। বহু ঠাইত বহু দোকানৰ ক্ষতিসাধন হয়।
হঠাৎ বিপদজনক স্তৰলৈ বৃদ্ধি পাইছে সোণখাদ নদীৰ জলপৃষ্ঠ। স্থানীয় ৰাইজে জনোৱা মতে, কেৱল চৰকাৰী বাছেই নহয়, বহুতো সৰু সৰু গাড়ী-মটৰবাইক পানীয়ে উটুৱাই লৈ যায়।
উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে ছ’চিয়েল মিডিয়াত কিছু ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰে।
তাত দেখা যায় যে জল শক্তি বিভাগ আৰু মাণ্ডীস্থিত হিমাচল পথ পৰিবহণ নিগমৰ কাৰ্যালয়ৰ ব্যাপক ক্ষতিসাধন হৈছে। মুকেশ অগ্নিহোত্ৰীয়ে কয়, “নিগমৰ সকলো কৰ্মচাৰী নিৰাপদ। বিষয়াসকলে স্থানত উপস্থিত হৈ পৰিস্থিতিৰ মূল্যায়ন কৰিছে আৰু ক্ষয়-ক্ষতিৰ পৰিসৰৰ মূল্যায়ন কৰা হৈছে।’
চিমলাত হোৱা ভূমিস্খলনৰ ফলত অসংখ্য বাহন ধ্বংসাৱশেষৰ তলত পোত হৈছে।ফলত ফিৰোজপুৰৰ পৰা ভাৰত-চীন সীমান্তলৈকে বিস্তৃত পাঁচ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰিছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰদান কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ জুন মাহৰ পৰা হিমাচল প্ৰদেশত ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰে ১৭৫ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে।






























