Uttar Pradesh:✒️পৰকীয়া হওক বা পুৰণি প্ৰেমৰ ক্ষেত্ৰত আত্মহত্যা বা হত্যাৰ দৰে বেয়া খবৰবোৰ প্ৰায়েই শিৰোনামত আহে। অথচ পত্নীৰ প্ৰেমৰ কথা জনাব পাছত শীতল মস্তিষ্কৰে সিদ্ধান্ত ল’লে উত্তৰপ্ৰদেশৰ এজন যুৱকে। স্থানীয় মন্দিৰতে প্ৰেমিকৰ স’তে এগৰাকী মহিলাক বিয়া দিলে তেওঁৰে স্বামীয়ে।
উত্তৰপ্ৰদেশৰ আমেঠিৰ উক্ত যুৱকজনে আনকি বীতি অনুসৰি বিদায় অনুষ্ঠানৰো আয়োজন কৰে।যোৱা দুই মার্চত বিবাহপাশত আবদ্ধ হৈছিল উত্তৰপ্ৰদেশৰ কামৰৌলি আৰক্ষী থানাৰ বাসিন্দা শিবশংকৰ আৰু ৰাণীগঞ্জৰ উমা। অর্থাৎ মাত্র ছমাহহে তেওঁলোকৰ বৈবাহিক সম্পর্ক স্থায়ী হয়।
এইখিনি সময়তে শিৱশংকৰে স্থিৰ কৰে যে তেওঁ পত্নীৰ নতুনকৈ বিয়া পাতি দিব। এই প্রসংগত যুরকজনে জনায় যে বিয়াৰ পাছৰে পৰাই পত্নীয়ে বিশাল নামৰ এজন যুৱকৰ স’তে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ফোনত কথা পাতিছিল। আনকি নিশা সাবে থাকিও কথা পাতিছিল।
আৰম্ভণিতে শিবশংকৰে পত্নীক সেই সম্পৰ্কৰ পৰা আঁতৰি আহিবলৈ অনুৰোধ জনাইছিল। অথচ পত্নীয়ে স্পষ্ট ৰূপত কয় যে বিশাল তেওঁৰ প্রেমিক আৰু কেতিয়াও পাহৰিব নোবাবে। এনে অৱস্থাত দাম্পত্যকলহ দীর্ঘস্থায়ী নকৰি কঠিন সিদ্ধান্ত গ্রহণ কৰে শিবশংকৰে।
পত্নীৰ ইচ্ছা অনুসৰি প্ৰেমিকৰ স’তেই তেওঁৰ বিয়া পাতি দিব বুলি স্বামীয়ে স্থিৰ কৰে। ভবা মতেই কাম। দেওবাৰে সন্ধিয়া আমেঠিৰ উদ্যোগাঞ্চলত অবস্থিত বিড়লা মন্দিৰত প্ৰেমিকৰ স’তে পত্নীক বিয়া দিয়ে শিবশংকৰে। অগ্নিক সাত পাকৰ পৰা আৰম্ভ কৰি মালা বদল পর্যন্ত হিন্দু বিয়াৰ যাবতীয় ৰীতি-নীতি পালন কৰা হয়।
বিয়াৰ পাছত কইনাৰ ঘৰত যিদৰে ছোৱালীক বিদায় দিয়াৰ বীতি পালন কৰা হয়, তেনেদৰেই পত্নীক বিদায় দিয়ে প্রথম স্বামীয়ে। মন্দিৰত উপস্থিত অন্যান্য দর্শনার্থী তথা ভক্তই এই বিয়া দেখি অবাক হৈ পৰিছিল। অৱশ্যে শিৱশংকৰে কয় যে ঘৰত ঝামেলা পুহি ৰাখি কি লাভ?






























