Uttarakhand:✒️পুনৰ উত্তৰাখণ্ডত ডাৱ বিস্ফোৰণৰ বৰষুণত বিপৰ্যয়। এইবাৰ চামোলী জিলাত ডাৱৰ বিস্ফোৰণত হোৱা বৰষুণৰ ফলত আকস্মিক বানত উটি গ’ল গাঁৱৰ এটা অংশ ।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বোকা খহনীয়া আৰু পানীৰ সোঁতৰ বাবে এখন গাঁৱৰ কমেও ছটা ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হয়। এই ঘটনাত নিৰুদ্দেশ হৈছে ১০ জন। আৰম্ভ হৈছে উদ্ধাৰ অভিযান।
বুধবাৰে গভীৰ নিশা চামোলী জিলাৰ নন্দ নগৰত ধাৰাসাৰ বৰষুণ আৰম্ভ হয়।তথ্য অনুসৰি নিশা হোৱা আকস্মিক বানত দুৰ্যোগ আৰু বেছি ভয়াৱহ হৈ পৰে। এই খবৰ পাই গভীৰ নিশা উদ্ধাৰ অভিযান আৰম্ভ কৰে প্ৰশাসনে। উদ্ধাৰ হৈছে দুজন লোক।
এতিয়াও সন্ধানহীন হৈ আছে ১০ জন। অস্থায়ী চিকিৎসাৰ বাবে গাঁওখনত উপস্থিত হৈছে চিকিৎসাৰ দল। ইতিমধ্যেই তিনিখন এম্বুলেন্সে নন্দনগৰত উপস্থিত হৈছে।
চাৰিদিন পূৰ্বে অবিৰত বৰষুণত বিধ্বস্ত হৈ পৰিছিল উত্তৰাখণ্ড।ডেৰাডুনকে ধৰি ৰাজ্যৰ কেবাটাও অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
কোনো কোনো ঠাইত হঠাৎ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়। প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে, উত্তৰাখণ্ডত এই দুৰ্যোগৰ বাবে ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে।ইয়াৰ ওপৰিও সন্ধানহীন হৈছে ১৬ জন লোক ।






























