Uttar Pradesh:✒️উত্তৰপ্ৰদেশত কাৰাবাস খাটিব লাগিব পথত ঘুৰি ফুৰা গৰাকীহীন কুকুৰে। এই পথৰ কুকুৰৰ ৰাস্তাত ঘুৰা-পকাও বন্ধ হ’ব পাৰে। আনকি সিবোৰৰ যাবজ্জীবন কাৰাদণ্ডও হ’ব পাবে। যোগী আদিত্যনাথৰ চৰকাৰে ঘোষণা কৰিছে যে যদি ৰাস্তাৰ কোনো মানুহে কোনো মানুহক এবাৰ কামুৰে, তেন্তে সেই কুকুৰক ১০ দিনৰ বাবে পশু আশ্রয়কেন্দ্ৰত ৰখা হ’ব।
যিবোৰ কুকুৰে একে ঘটনাৰ পুনৰাবৃত্তি ঘটাব, সিবোৰক সেই আশ্রয়কেন্দ্রত যাবজ্জীবন বন্দী কৰি বথা হ’ব। কোনো মানুহে যদি এটা ৰাস্তাৰ কুকুৰক তুলি ল’ব বিচাৰে, তেন্তে তেওঁ শপতনামা জমা দি আশ্বাস দিব লাগিব যে কুকুৰটোক কেতিয়াও ৰাস্তাৰ এৰি দিয়া নহ’ব।
আক্রমণাত্মক কুকুৰবোৰক নিয়ন্ত্রণ কৰাৰ বাবে সকলো পৌৰসভা আৰু গাঁও পঞ্চায়তলৈ ইতিমধ্যে উত্তৰপ্ৰদেশৰ মুখ্য সচিব অমৃত অভিজাতে এক নির্দেশনা প্রেৰণ কৰি এই বিষয়ত পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিছে।
লগতে কোৱা হৈছে যে যদিহে কোনো লোকে ৰাস্তাৰ কুকুৰে কামোৰাৰ পাছত জলাতংকৰ টীকা লয়, তেন্তে ঘটনাৰ তদন্ত কৰা হ’ব আৰু অভিযুক্ত কুকুৰটোক নিকটতম পশু জন্ম নিয়ন্ত্রণ কেন্দ্রলৈ লৈ যোৱা হ’ব। তাত কুকুৰটোক ১০ দিনৰ পর্যবেক্ষণত ৰখা হ’ব আৰু তাৰ আচৰণ নিৰীক্ষণ কৰা হ’ব। মুকলি কৰি দিয়াৰ পূৰ্বে কুকুৰটোৰ দেহত এটা মাইক্র’শ্বিপ বহুওৱা হ’ব।
প্রয়াগৰাজ পৌৰসভাৰ পশুকল্যাণ বিষয়া ড° বিজয় অমৃতৰাজে কয় যে এই নতুন পদ্ধতিত প্ৰকৃতাৰ্থৰ আক্রমণ তথা উচতনিৰ কাৰণে আক্ৰমণৰ মাজত প্রভেদ কৰিব পৰা যাব। তেওঁ কয়, ‘তিনি সদস্যৰ এই কমিটীয়ে বিশ্লেষণ কৰি চাব যে কুকুৰে জোকোৱাৰ কাৰণে কামুৰিছে নে আন কিবা।
কমিটীত এজন পশু চিকিৎসক, পযু আচৰণ বিশ্লেষণকাৰী বিশেষজ্ঞ থাকিব। কোনোবা যদি দোষী সাব্যস্ত হয়, সেই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে পদক্ষেপ কৰা হ’ব।’ প্রসংগক্রমে আদালতৰ নিৰ্দেশ মানি যোৱা ১০ ছেপ্টেম্বৰত প্রশাসনে নিৰ্দেশ দিয়ে যে পথৰ কুকুৰে সঘনাই মানুহক কামোৰাৰ ঘটনা হ্রাস কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।






























