Flood in Samaguri:
নগাঁও জিলাৰ চামগুৰি আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তর্গত প্রায় ১৪খনকৈ গাঁও আবতৰীয়া ভদীয়া বানত ডুব গৈছে। কে’বাদিনো ধৰি আহি থকা বৰষুণৰ ফলত ডিজু নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলতে প্রায় দুশ পৰিয়াল বাঢ়নী পানীৰ কবলত পৰি নিৰাপদ আশ্রয়স্থলীলৈ ঢপলিয়াবলৈ বাধ্য হৈছে।
বিশেষকৈ কার্বি আংলং জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ডিজু নৈৰ পানী ওফন্দি পৰে। বিশেষকৈ পাহাৰৰ পানী ডিজু নৈলৈ বৈ অহাৰ ফলত ওফন্দি পৰি দাঁতিকাষৰীয়া গাঁওসমূহ পানীৰ কবলত পৰে। চামগুৰি আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমনি গাঁও, মিছামুখ, ডিজুভেলী, ডিজুবস্তি, শিয়াললেখাইটি, খলিহামাৰী, কালাপানী, তিনি নম্বৰ বৰঘাট চাহ বাগিচা, শালবাৰীকে ধৰি প্ৰায় ১৪খন গাঁও বানৰ পানীত বুৰ গৈছে।
প্রায় ১৮০০ মানুহ ক্ষতিগ্রস্ত হৈছে বুলি স্থানীয় ৰাইজে ব্যক্ত কৰে। আবতৰীয়া বানৰ ফলত খেতিপথাৰৰ শস্য বিনষ্ট হোৱাৰ লগতে ঘৰত পানী উঠাৰ ফলত নিৰাপদ স্থানত বানাক্রান্তই আশ্রয় লোৱা পৰিলক্ষিত হৈছে। কালি নগাঁও জিলা আয়ুক্ত দেবাশীষ শর্মাই বানাক্রান্ত অঞ্চল পৰিদৰ্শন কৰি প্ৰশাসনৰ জৰিয়তে যাবতীয় ব্যৱস্থা গ্রহণ কৰাৰ নিৰ্দেশ প্রদান কৰিছে।






























