Mankachar:
গৰৈমাৰীৰ ৰাজহ চক্র বিষয়া নুপুৰ বৰাৰ কেলেংকাৰিয়ে ৰাজ্যৰ প্রশাসন ব্যৱস্থাত জোঁকাৰণি তোলাৰ সময়তে এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে একে পদৰ আন এজন বিষয়াৰ বিরুদ্ধে। সম্প্রতি পলাতক অবস্থাত থকা বিষয়াজন হ’ল দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চাৰি দিনে পলাতক পার্থ প্রতিম বর্মন ৷ যোৱা ১৫ ছেপ্টেম্বৰৰ পৰা পলাতক অৱস্থাত থকা অসম অসামৰিক সেৱাৰ বিষয়াজনৰ অদ্যাপি সন্ধান ওলোৱা নাই। বৰ্মনৰ বিৰুদ্ধে ধুবুৰীৰ এগৰাকী যুবতীয়ে বিয়াৰ প্রলোভনৰে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
১৫ ছেপ্টেম্বৰৰ দিনা উক্ত যুৱতীগৰাকীয়ে ৰাজহ চক্র বিষয়া কার্যালয়ত উপস্থিত হৈ এই অভিযোগ উত্থাপন কৰে। সেইদিনা কার্যালয়তে যুৱতীগৰাকীৰ লগত পার্থ প্রতিম বৰ্মনৰ বাক-বিতণ্ডাও লাগে। তাৰ পাছতে তেওঁ ততাতৈয়াকৈ কার্যালয়ৰ পৰা ওলাই চৰকাৰী বাহনেৰে সেই স্থানৰ পৰা আঁতৰি যায়। যুবতীগৰাকীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলাখনৰ অভিভাৱক মন্ত্রী কেশৱ মহন্তক বৰ্মনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। তাত অভিযোগ কৰা অনুসৰি, বৰ্মনে ধুবুৰীত কৰ্মৰত হৈ থকা সময়তে বিয়ৰ প্রলোভনবে যৌন আতিশয্য চলাইছিল।






























