Shyamkanu Mahanta:
ছিংগাপুৰত আয়োজন কৰা নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্রহণ কৰিবলৈ গৈ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাক কোনেও সহজভাৱে ল’ব পৰা নাই। সৰ্বত্ৰে ইয়াৰ বাবে জগৰীয়া নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত বুলি অভিযোগ উঠিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মহন্তক শীঘ্রে গ্রেপ্তাৰৰ দাবী উঠিছে। সমান্তৰালভাৱে সামাজিক মাধ্যমতো তীব্র ৰোষত পৰিছে শ্যামকানু মহস্ত। বিভিন্নজনে মহন্তক কটু সামালোচনা কৰি জুবিনৰ মৃত্যুত মূলতঃ মহন্ত দায়ী বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
উল্লেখ্য যে জুবিনৰ মৃত্যুৰ পাছতে কাহিলপাৰাস্থিত বাসগৃহত হেজাৰ হেজাৰ অনুৰাগীয়ে নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজক মহন্তৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰাৰ লগতে ‘শ্যামকানু মহন্ত গ’ বেক’, ‘শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক’ আদি শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে। তেওঁলোকে কয়, ‘বেপাৰী শ্যামকানু মহন্তক অসমত নিষিদ্ধ কৰিব লাগে। অসুস্থ জুবিনাক ছিংগাপুৰলৈ নি মাৰি পেলালে।’ লগতে জুবিনৰ অনুৰাগীসকলে এই ঘটনাৰ চিবিআইৰ তদন্তৰ দাবী কৰি পুনৰ কয়, ‘শ্যামকানু মহন্তক গ্রেপ্তাৰ কৰিব লাগিব, বাকী আমি নাজানো।’
জুবিনৰ বাসগৃহত উপস্থিত হৈ বিধায়ক অখিল গগৈয়েও এই ঘটনাৰ উচিত তদন্তৰ দাবী কবে। বিধায়ক গগৈয়ে কয়, ‘সকলো মানুহে জানে যে জুবিন গাৰ্গ মাজে মাজে অসুস্থ হৈ পৰে। সেয়েহে জুবিনক ছিংগাপুৰলৈ নিয়া কথাটো সহজ নহয়। তাতে পৰিয়ালৰ মানুহক নিনিয়াকৈ ছিংগাপুৰলৈ লৈ যোৱাটো গ্রহণযোগ্য নহয়। তাৰ পাছত সাগৰলৈ নৈ স্কুবা ডাইভিং যদি কৰিবলৈ নিছে, ইয়াক সহ্য কৰিব নোৱাৰি। জুবিনদাৰ মৃত্যু সাধাৰণ মৃত্যু নহয়, এই ঘটনাৰ ওপৰত উচিত তদন্ত হ’ব লাগিব। কোনে কি কাৰণে ছিংগাপুৰত এইবোৰ পাতিছে, কোনে কি কাৰণত জুবিনক ছিংগাপুৰলৈ লৈ গৈছিল ইয়াৰ উত্তৰ লাগিব। তিনি-চাবি মাহে মাহে চিকিৎসকব পৰামর্শ লৈ থকা এজন মানুহক কোনোবাই দুঃসাহসিক ক্রীড়া কবিবলৈ নিয়ে নিকে? এয়া অসমীয়া জাতিৰ ওপৰত কোব আৰু ইয়াৰ তন্ন তন্ন তদন্ত লাগিব।’ একেদৰে আটাছুৰ সভাপতি বসন্ত গগৈয়েও জুবিনৰ মৃত্যুৰ সন্দৰ্ভত অসমবাসীৰ ওচৰত শ্যামকানু মহন্তই উত্তৰ দিব লাগিব বুলি স্পষ্ট কৰি দিছে।
ইফালে, নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে মৰিগাঁৱৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৰাতুল বৰা নামৰ এজন অধিবক্তাই। জুবিনৰ অনুৰাগী অধিবক্তা বৰাই এজাহাৰত উল্লেখ কৰিছে যে জুবিনৰ মৃত্যুত মূলতঃ দায়ী নর্থ-ইষ্ট ফেস্টিভেলৰ আয়োজক। গীত পৰিৱেশনৰ বাবে বহিঃৰাষ্ট্ৰলৈ মাতি নি যড়যন্ত্রমূলকভারে জুবিনক হত্যা কৰা বুলিও সন্দেহ প্রকাশ কৰিছে অধিবক্তজনে।
উল্লেখ্য যে জুবিনৰ মৃত্যুৰ পাছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে কটু সামালোচনাৰ প’ষ্টৰে ভৰি পৰিছে সামাজিক মাধ্যমসমূহ। মহন্তই কেবল ব্যবসায় আৰু টকা চিনি পায়, বাকী কোন মৰে মতলব নাই বুলি এজন অনুৰাগীয়ে মন্তব্য কৰি কয়, ‘মুখ্যমন্ত্রীক আহ্বান জনাইছো যে শ্যামকানু মহওক শীঘ্রে গ্ৰেপ্তাৰ কৰক। শ্যামকানু মহন্তই নি মাৰিলে। তেওঁ কি নাজানে জুবিনৰ কি বেমাৰ আছে ? সেইদৰে কিয় ব্যৱস্থা কৰা নহ’ল, ইয়াৰ দায়িত্ব কোনে ল’ব।’ একেদবে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমে এই সমগ্র বিষয়টোৰ তদন্তৰ দাবী কৰি কয় যে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত কিয় সত্য কথা পোহৰলৈ অহা নাই। কোনো কৈছে কালিয়েই জুবিনৰ মৃত্যু হ’ল। নে কিবা ইয়াত ৰহস্য আছে। চীজাৰ এটেক্ট থকা মানুহক জুই-পানীৰ পৰা আঁতৰত ৰাখে। অসুস্থ মানুহজনক কিয় এনেকৈ ব্যৱহাৰ কৰা হ’ল, কি স্বার্থত?’ নিশা মহন্তই তেওঁৰ ফেচবুক একাউন্ট নিষ্ক্রিয় কৰি পেলায়।






























