BTC Election :
‘আজিৰ দিনটো বিটিচিৰ ভৱিষ্যত নিৰ্ণয় কৰিব গতিকে ভোটাৰ ৰাইজে ভাবিচিন্তি ভোট দিব ৷’ এইদৰে মন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷
আজি হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেৱৰগাওঁ হাইস্কুলৰ ৫০ নম্বৰ ভোটগ্ৰহন কেন্দ্ৰত সহধৰ্মিনী শিউলী মহিলাৰীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি বিটিচি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷ মহিলাৰীয়ে কয় যে ‘মই ভবাতকৈ বিপিএফ দলে বেছি আসন পাব ৷” গতিকে ভোটাৰ ৰাইজে বিটিচিৰ ভৱিষ্যত চিন্তা কৰিয়ে ভোটদান কৰিব ৷’ভোটাৰ ৰাইজে আজি শান্তিপূৰ্ণভাৱে ভোট দিব পাৰিব আৰু মই অনুভৱ কৰিছো ৰাইজে ভাল চিন্তা কৰিয়ে ভোট দান কৰিব৷ আমি নিশ্চিত যে সকলো জাতি-জনগোষ্ঠীৰ সহায় লৈ বিপিএফ দলে সংখ্যা গৰিষ্ঠ আসন লৈ বিটিচিত চৰকাৰ গঠন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে মহিলাৰীয়ে ৷
# ১২ নম্বৰ ছালেকাটি সমষ্টিৰ ইউপিপিল দলৰ প্ৰাৰ্থী তথা বিধায়ক লৰেন্স ইছলাৰীয়ে দেৱৰগাওঁৰ সমষ্টিৰ গৌৰাং হাইস্কুলত সপত্নীক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ৰাইজে প্ৰমোদ বড়োৰ চৰকাৰকে ভোটদান কৰিব বুলি মন্তব্য কৰে। দেৱৰগাওঁ সমষ্টিটোৰ বহু উন্নয়ন কৰিব লগা গতিকে ভোটাৰ ৰাইজে ইউপিপিল চৰকাৰকে ভোট দান কৰিব বুলি কয় ৷ বাতৰি যুগুতোৱালৈকে জিলাখনত ৫৩% শতাংশ ভোট দান হোৱা বুলি জিলা প্ৰশানৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷






























