SIT Inquiry:
অসমীয়া জাতিৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু কাণ্ড তদন্তৰ বাবে গঠন কৰা এছ আই টিমে ৰহস্য ভেদ কৰিবৰ বাবে আজিৰে পৰা আৰম্ভ কৰিছে তদন্ত।
এছ আই টিৰ মুল তদন্তকাৰী বিষয়া এছএছপি ৰ’জী বৰা,মৰমী দাস আৰু সুধাকৰ সিঙে আজি দুপৰীয়া উপস্থিত হয় জুবিন গাৰ্গৰ মহানগৰীৰ কাহিলীপাৰাস্থ বাসগৃহৰ সন্মুখত ৷ বহু সময় ধৰি দলটোৱে পাইচাৰি কৰি ঘৰৰ ভিতৰলৈ প্ৰৱেশ নকৰাকৈ উভতি যায় ৷ সন্দেহ কৰা মতে পুনৰ এছআইটি দলটস আহিব পাৰে জুবিনৰ বাসগৃহলৈ ৷

উল্লেখ্য যে,জুবিনৰ ৰহস্যজনৰ মৃত্যুৰ তদন্তৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিআইডিৰ বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই তেওঁৰে নেতৃত্বত গঠন কৰিছিল নজনীয়া এছআইটি টিম ৷
আনহাতে এছ আই টিৰ আন এটা দল উপস্থিত হয় শ্যামকানু মহন্তৰ মহানগৰীৰ গীতানগৰস্থিত বাসগৃহত I






























