Sonapur:
মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত বুধবাৰে নিশা সংঘটিত এক উত্তপ্ত পৰিস্থিতি ৷
সমাধিক্ষেত্ৰৰ চাৰিওফালে পকীবেৰ দিয়াৰ উদ্দেশ্যৰে যোৱাকালিৰে পৰা প্ৰশাসনে আৰম্ভ কৰিছিল পকী বেৰ । কিন্ত পকী বেৰৰ নিৰ্মাণৰ সময়তে নিজকে জুবিন অনুৰাগী বুলি পৰিচয় দিয়া এগৰাকী যুৱতীসহ ৬ উদণ্ড যুৱকে বেৰ দিয়াত বাধাৰোপ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ সন্দেহ কৰা মতে আটাইয়ে সুৰামত্ত অৱস্থাত আছিল ৷
আনহাতে যুৱতীসহ ৬ উদণ্ড যুৱকে উদ্ভণ্ডালি কৰা সময়ত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে যুৱতীসহ ৬ উদণ্ড যুৱকক গ্ৰেপ্তাৰ কৰে ৷আটকাধীন যুৱক কেইজন হ’ল মিগম শৰ্মা, অৰূপ দাস, হীৰক জ্যোতি কাকতি, দেবাশিস ঠাকুৰীয়া,ৰূপ ফুকন আৰু পাংস্কু উপাধিৰ এগৰাকী যুৱতী ৷
আনহাতে স্থানীয় লোকে জুবিন অনুৰাগীৰ নামধাৰী একাংশ যুৱক- যুৱতীৰ কেতবোৰ কৰ্মকাণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে ৷ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ শয়নৰ থলী হৈ পৰা কমাৰকুছি এতিয়া এক পবিত্ৰস্থলীলৈ পৰ্যবেশিত হৈছে ৷ এনেক্ষেত্ৰত ইয়াৰ পবিত্ৰতাত আঘাতহনা কোনো কাৰ্যই কমাৰকুছিবাসীয়ে সহ্য নকৰে বুলি সকীয়াই দিয়ে ।






























