Guwahati :
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু কাণ্ডৰে নাম সাঙোৰ খোৱা জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ বাসগৃহ থকা দতাঁলপাৰাৰ মানপাৰাৰ অর্কিড হিল ভিউ চৌহদত থকা ফ্লেটত কালি চিআইডিৰ এছআইটিৰ দলে তালাচি চলাই থকা অৱস্থাত সহস্ৰাধিক জুবিন অনুৰাগীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত আজি গুৱাহাটী আৰক্ষীয়ে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা ৷
সিদ্ধার্থ শৰ্মাৰ বাসগৃহ থকা অর্কিড হিল ভিউ চৌহদত মোতায়েন কৰা হৈছে চিআৰপিএফ৷ একেদৰে সিদ্ধার্থ শৰ্মাৰ ছীল কৰা ফ্লেট থকা 3-A মহলাত অতিৰক্তভাবে মোতায়েন কৰা হৈছে গড়চুক আৰক্ষীৰ জোৱানক ৷ আনকি অর্কিড হিল ভিউ আশে -পাশেও কটকটীয়া নিৰপত্তা বেষ্টনী গঢ়ি তুলিছে মহানগৰ আৰক্ষীয়ে ৷
উল্লেখ্য যে,অসমীয়া জাতিৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্তসকলৰ বিৰুদ্ধে বৃহস্পতিবাৰে আবেলি উত্তাল হৈ পৰে গুৱাহাটী। বুধবাৰে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ বৃহস্পতিবাৰে ব্যাপক ৰূপত অভিযান আৰম্ভ কৰে। এছআইটিৰ এই অভিযানৰ সময়তে বিশেষকৈ নর্থ-ইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ প্ৰৱন্ধক সিদ্ধার্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত সৃষ্টি হয় উত্তেজনাপূর্ণ পৰিস্থিতিৰ।

সিদ্ধার্থৰ দাতালপাৰাৰ মানপাৰাস্থিত অর্কিড হিলভিউ এপার্টমেণ্টৰ সন্মুখত বিয়লিৰ পৰা কে’বাশ লোকৰ সমাগম হয়। সিদ্ধাৰ্থৰ কঠোৰ শাস্তিৰ দাবীত সকলোৱে সৰৱ হয়। ‘জুবিন গাৰ্গক হত্যাৰ ন্যায় লাগে’, ‘সিদ্ধার্থ শর্মাক শীঘ্রে গ্ৰেপ্তাৰ কৰক’ আদি ধ্বনি দিয়ে প্রতিবাদকাৰীসকলে। ইয়াৰ মাজতে উত্তেজিত একাংশ লোকে এপার্টমেণ্টৰ মূল প্ৰৱেশ গেটখন ভাঙি ভিতৰলৈ সোমোৱাৰ চেষ্ট চলায়। মানুহ সোমাব নোৱাৰাকৈ গেটখনত ডাঙৰ তলা লগাই দিয়া হয়। সেই তলা প্রতিবাদকাৰী সকলে ভাঙি পেলায়। একাংশই সিদ্ধার্থ শৰ্মাৰ ঘৰলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰে।
সন্ধিয়া এনেদৰে পৰিস্থিতি অধিক উত্তেজনাপূর্ণ হৈ পৰে। আনকি জনসমাগমো বৃদ্ধি হয়। ঘৰটোত সিদ্ধার্থ শর্মা লুকাই থকা বুলিও একাংশই দাবী কৰে। অৱশ্যে ঘৰটোত সেই সময়ত কোনো নাছিল। দুপৰীয়া ডেৰ বজাত এছআইটিৰ দল ঘৰটোত উপস্থিত হয় যদিও তলা বন্ধ অৱস্থাত পায়। ফ্লেটটোত সিদ্ধার্থ মাতৃ আৰু ভগ্নী-ভ্রাতৃৰ স’তে বাস কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তিনিদিনৰ পাছতে মাতৃ আৰু ভ্ৰাতৃ-ভগ্নী ঘৰটোৰ পৰা কোনো স্থানলৈ গুচি যায়। এছআইটিয়ে ঘৰটো আজি ছীল কৰি দিয়ে। সিদ্ধার্থ শৰ্মাক ৰাইজক গতাই দিয়াৰ দাবীও উত্থাপন হয়। তাৰ মাজতে কোনো লোকে শিলগুটি নিক্ষেপ কৰে।
আনকি বাধা দিয়াৰ বাবে আৰক্ষীৰ ওপৰতো একাংশ লোক খর্গহস্ত হৈ পৰে। এনেদৰে ৰাইজৰ ক্ষোভ তুংগত উঠাত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে। এই লাঠিচালনাত কে’বাজনো লোকৰ মূৰ ফাটি তেজ ওলায়। ৰক্তাক্ত হৈ পৰে ৰাজপথ। লাঠিৰ কোবত আন কে’বাজনো লোক আহত হয়। আনহাতে, শিলগুটিৰ আঘাতত আৰক্ষী আৰু এছআইটিৰ লোকো আহত হয়। ইয়াৰ মাজতে জুবিন ফেন ক্লাবৰ নেতৃত্ব দিয়া সংগীত পৰিচালক অজয় ফুকন আৰু ভিক্টৰ দাস নামৰ এজনক আৰক্ষীয়ে আটক কৰে।
তুংগত উঠা উত্তেজনাপূর্ণ পৰিস্থিতি লাঠিচালনাৰ পাছতহে কিছু পৰিমাণে শাম কাটে। তথাপি বহু লোক সেই স্থান এৰি নগ’ল। উল্লেখ্য যে পৰিস্থিতি উত্তেজনাপূর্ণ হৈ উঠাৰ পূৰ্বে ঘৰটোত এছআইটিৰ এটা দল প্ৰৱেশ কৰে। অৱশ্যে সেই সময়ত ঘৰত কোনো লোক নাছিল।
উল্লেখ্য যে এছআইটিক তদন্তৰ দায়িত্ব দিয়াৰ পাছত প্রয়াত শিল্পী গৰাকী হত্যাৰ যি অভিযোগ উঠিছে, তাকে লৈ গুৱাহাটীত প্রতিবাদী সমদল উলিওৱাত চৰকাৰে বিভিন্ন ধৰণে বাধা দিয়া হৈছে। জুবিন ফেন ক্লাবৰ পৰাও ইয়াৰ নিশ্চয়তা বুধবাৰে গ্রহণ কৰা হয়। সেয়েহে বৃহস্পতিবাৰে সেই সুযোগ গ্রহণ কৰি আৰক্ষীয়ে উত্তেজিত লোকৰ ওপৰত লাঠিচালনা কৰিছিল।






























