AI:✒️অপেন এআইৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) ছেম অল্টমেনে আকৌ এবাৰ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ ভৱিষ্যতৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে। এক্সেল স্প্রিনজাৰ এৱাৰ্ড গ্ৰহণৰ সময়ত অল্টমেনে সকীয়নি দি কয় যে এআই ছিষ্টেম আশা কৰাতকৈ যথেষ্ট দ্রুতগতিৰে বিকশিত হৈছে আৰু শীঘ্ৰে কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক সম্পূৰ্ণৰূপে সলনি কৰাৰ সম্ভাৱনা আছে।
আগন্তুক কেইবছৰমানৰ ভিতৰত এআয়ে অভূতপূর্ব ক্ষমতা আহৰণ কৰিব বুলি ভৱিষ্যদ্বাণী কৰি অল্টমেনে মানৱতকৈ কৃত্রিম বুদ্ধিমত্তা অধিক স্মার্ট হোৱা বুলি মন্তব্য কৰিলে।
আগন্তুক বর্ষসমূহত এআইৰ বিকাশৰ ফলত বিশ্বত বিভিন্ন চাকৰিৰ বিলুপ্তি হ’ব বুলি শংকা ব্যক্ত কৰি অল্টমেনে কয় যে ২০৩০ বর্ষলৈকে এই বিশ্বত কোটি কোটি লোক কৃত্রিম বুদ্ধিমত্তাৰ কাৰণত কৰ্মচ্যুত হোৱাৰ সম্ভাৱনা আছে।
মানৱ কৰ্মীৰ স্থানত এআইক নিয়োগ কৰাৰ প্ৰৱণতা বিশ্বজুৰি দ্রুত বৃদ্ধি পাইছে আৰু এই কাৰণত বিভিন্ন কর্মক্ষেত্রত ২০৩০ বৰ্ষৰ ভিতৰত নিয়োজিত মানৱ কৰ্মীৰ সংখ্যা যথেষ্ট হ্রাস পাব বুলি অল্টমেনে ভৱিষ্যদ্বাণী কৰিলে।






























