Selena Gomez:✒️হলিউডৰ জনপ্রিয় সংগীত শিল্পী আৰু অভিনেত্রী ছেলেনা গ’মেজে তেওঁৰ দীর্ঘদিনীয়া প্রেমিক বেনী ব্লেকৰ স’তে আনুষ্ঠানিকভাবে বিবাহ সম্পন্ন কৰিলে।
৩৩ বছৰ বয়সীয়া ছেলেনাই বেনীৰ স’তে বিবাহৰ একাংশ ফটো ইনস্টাগ্রামসহ অন্যান্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে। ছেলেনাৰ স্বামী বেনী এজন পেছাত সংগীত প্রযোজক আৰু গীতিকাৰ।
২০২৪ৰ ডিচেম্বৰত বেনীৰ স’তে ছেলেনাৰ বিবাহ স্থিৰ হৈছিল। ২০১৫ৰ পৰা দুয়োৰে প্ৰেমজনিত সম্পর্ক অব্যাহত আছিল। ২০২৪ৰ ছেপ্টেম্বৰত ছেলেনাই অর্বুদপতিৰ ক্লাবত প্ৰথমবাৰলৈ স্থান লাভ কৰিছিল।
২০২৫ত তেওঁৰ সম্পত্তিৰ পৰিমাণ ১১,০০০ কোটি টকাৰ আছিল। আনহাতে, ছেলেনাৰ স্বামী বেনীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪১৫ কোটি টকা। বেনীয়ে ছেলেনাৰ লগতে জাস্টিন বিবৰ, এড চিৰন, বিহানা, মরুন ৫, কেটি পেৰী, ব্রিটনী স্পীয়াৰ্ছ, বিটিএছৰ বাবে গীত ৰচনা কৰি আহিছে।






























