AGP:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ দুৰ্ঘটনাৰ সৈতে নাম সাঙোৰ খাই থকা শ্যামকানু মহন্ত নামৰ ব্যক্তিজন অসম গণ পৰিষদৰ সদস্য বুলি ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে অপপ্ৰচাৰ চলাই থকা অসম গণ পৰিষদৰ দৃষ্টিগোচৰ হৈছে।
অখিল গগৈক অসম গণ পৰিষদে স্পষ্ট কৰি দিব খুজিছোঁ শ্যামকানু মহন্ত অসম গণ পৰিষদৰ কোনো সাংগঠনিক স্তৰৰ সৈতে জড়িত নহয়। অসম গণ পৰিষদৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। লগতে অখিল গগৈক সকীয়াই দিব খুজিছোঁ– অসম-অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব আৰু ফটুৱা কথা কৈ নাথাকিব।

জুবিন গাৰ্গ জাতিৰ স্বাভিমান, জাতিৰ গৌৰৱ। অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য দেশৰ নিৰপেক্ষ আৰু সৰ্বোচ্চ তদন্তকাৰী সংস্থাৰ জৰিয়তে উদঘাটনৰ বাবে অগপ দলে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক পত্ৰ যোগে আহ্বান জনাইছে। লগতে জুবিন গাৰ্গৰ বিভিন্ন বিষয় সামৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও অসম গণ পৰিষদে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে।
অখিল গগৈ, অসমবাসী জুবিন গাৰ্গৰ অকাল বিয়োগক লৈ শোকসাগৰত বুৰ গৈ আছে। সঠিক তথ্য নজনাকৈ সংবাদ মাধ্যমত অহেতুক ফটুৱা ৰাজনৈতিক বক্তব্য দি নাথাকিব। জুবিন গাৰ্গ জাতিৰ গৌৰৱ। তেখেতৰ বিয়োগক লৈ নিকৃষ্ট কৰ্ম-কাণ্ডৰপৰা আপুনি বিৰত থাকক আৰু শিল্পীগৰাকীৰ বিয়োগ সন্দৰ্ভত বৰ্তমানে অব্যাহত থকা তদন্ত শেষ হোৱালৈ ধৈৰ্যৰে অপেক্ষা কৰক। এনেই টু টু মে মে কৰি নাথাকিব I
ADVERTISEMENT






























