Mangaldoi:
কৰ্তব্যৰত আৰক্ষীৰ চকুত ধুলি পলাল কয়দী ৷ এই অঘটন সংঘটিত হয় মঙলদৈ চিভিল হাস্পতালত। হেণ্ডকাপসহ পলায়ন কৰা কয়দীজনৰ নাম আব্দুল কাদিৰ আব্দুল ।
ADVERTISEMENT
কয়দীটোৰ বিৰুদ্ধে দলগাঁও থানাত আছিল গোচৰ ৷ অসুস্থ থকা কয়দীজনক ২৮ ছেপ্টেম্বৰত চিকিৎসালয় খনত কৰা হৈছিল ভৰ্তি ৷
উল্লেখ্য যে,কয়দীজনক পহৰা দি আছিল দুজন হোমগাৰ্ডে ৷ ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ আৰক্ষী চিভিল হাস্পতালত উপস্থিত হোৱাৰ লগতে কয়দীটোৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷






























