Tribute:শ্রদ্ধাঞ্জলি নগেন্দ্ৰ নাথ ৰায়লৈ
# ড° মনীন্দ্র নাথ
এইধৰণীত জন্মিলে এদিন মৃত্যু হবই। তথাপি যিসকল মানুহৰ মৃত্যুয়ে সমাজত শুণাতাৰ সৃষ্টি কৰি থৈ যায়, এনে ব্যক্তিক সহজে পাহৰা টান। নগেন্দ্ৰ নাথ ৰায় আছিল এনে এগৰাকী লোক। যোৱা ১৮ ছেপ্তেম্বৰ, ২০২৫ তাৰিখে বাঢক্যজনিত ৰোগত তেখেতৰ মৃত্যু হয়।
ধুবুৰী জিলাৰ কাছাৰীহাট বজাৰৰ দক্ষিণ ফালে ভেলাখোৱা গাওঁত ১৯৫১ চনৰ ২৩ মার্চ তাৰিখে নগেন্দ্ৰ নাথ ৰায়ৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ‘প্যাৰীমোহন বায় আৰু মাতৃ’ লক্ষ্মী বালা ৰায়। ১৯৫৯ চনত ঢেপঢেপী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি ধুবুৰীৰ ভোলানাথ কলেজত ভর্তি হয় আৰু ইয়াৰ পৰাই ১৯৭৫ চনত বি.এ পাছ কৰে। তাৰ আগতে ১৯৭২ চনতে তেখেতে কাছাৰীহাট এম. ই. স্কুলত শিক্ষকতা আৰম্ভ কৰে আৰু ২০১১ চনৰ ৩১ মার্চ তাৰিখে এই স্কুলৰ প্ৰধান শিক্ষক হিচাবে অৱসৰ গ্ৰহণ কৰে।
এই কাছাৰীহাট স্কুলখন আৰম্ভণীতে ভেঞ্চাৰ হিচাবে চলি আছিল আৰু বায়দেবে ৰাইজৰ বিপুল দাবীত ১৯৭৭ চনত ধুবুৰী মহকুমা পৰিষদৰ সদস্য পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়লাভ কৰে। ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈ তেখেত এই পদত থাকি ৰাইজৰ সেৱা আগবঢ়াইছিল তেখেতক মই সৰুৰে পৰা মামা বুলি মাতিছিলো। ১৯৭৮ চনত যেতিয়া মই ধুবুৰী ভোলানাথ কলেজত ভর্তি হওঁ, নগেন মামাই আমাৰ ঘৰৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য কৰি মোক এদিন মাতি নি এখন দখাস্ত দিবলৈ কলে। মই তেনেকৈ দৰ্খাস্ত দিয়াত তেখেতে ধুবুৰী মহকুমা পৰিষদৰ অফিচৰ পৰা মোক কিতাপ কিনাৰ কাৰণে অলপ অনুদান আগবঢ়াইছিল। সেইখিনি ধনেৰে মই কে’বাখনো কিতাপ কিনিছিলো। এই সহায়ৰ বাবে মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ।
ধুবুৰী মহকুমা পৰিষদৰ সদস্য হিচাবে তেখেতে এই অঞ্চলত বহুতো উন্নয়নমুলক কাম কৰিছিল। আৰু কাৰ্য্যকাল শেষ হোৱাৰ পিছত কাছাৰীহাট স্কুলৰ স্থায়ী শিক্ষক হিচাবে কাম কৰিছিল। তেখেত আছিল এগৰাকী আদর্শ শিক্ষক। সদায় নিজৰ নীতি আৰু আদৰ্শত অটল আছিল। সুন্দৰ সুঠাম চেহেৰাৰ সৈতে তেখেতৰ গাম্ভীৰ্য্যপূর্ণ ব্যক্তিত্বই ছাত্র স্বাত্ৰীৰ লগতে সমাজৰ সকলো শ্রেণীব লোকবে দৃষ্টি আকর্ষণ কৰিছিল। সততা আৰু স্পষ্টবাদীতা আছিল তেখেতৰ আন এক বৈশিষ্ট্য। ১৯৮৭ চনত তেখেতে পিতৃৰ স্মৃতি ৰক্ষাৰ্থে এখন হাইস্কুল নিৰ্মাণৰ বাবে এটুকুৰা ভূমিদান কৰে। এই ভূমিতে বর্ত্তমান কাছাৰীহাটত প্যাৰীমোহন বিদ্যাপীঠ সগৌৰৱে চলি আছে।
আমি সৰুকালত এই অঞ্চলত যাত্রা গান চাইছিলো। স্থানীয় শিল্পীসকলৰ লগত নগেন মামাই যাত্রাদলৰ মঞ্চত সুন্দৰ অভিনয় কৰিছিল। তেখেতৰ মৃত্যুত এই অঞ্চলৰ বিশেষকৈ কোচৰাজবংশী জনগোষ্ঠীৰ এক অপূৰণীয় ক্ষতি হল। মৃত্যুৰ সময়ত তেখেত সহধর্মীনী, তিনিপুত্র, তিনিগৰাকী কন্যা, তিনিজন জোৱাই, তিনিগৰাকী বোৱাৰী, ১২ জন নাতি নাতিনী, বন্ধু-বান্ধৱ, জ্ঞাতি কুটুম্ব আৰু অসংখ্য গুণমন্ধক এৰি থৈ যায়। আজি আদ্যশ্রাদ্ধৰ দিনা তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওঠৰত কৰযোৰে প্রার্থনা জনাও ওঁম শান্তি।






























