ৰত্ন ভাণ্ডাৰৰে ভৰপূৰ হৈ আছে পৃথিৱীৰ একমাত্র উপগ্রহ। তাত হেনো প্লেটিনাম, ৰ’ডিয়ামৰ দৰে প্ৰচুৰ বহুমূলীয়া সম্পদ আছে। কেৱল সেয়াই নহয়। চন্দ্ৰপৃষ্ঠৰ কোনো কোনো গাঁত হেনো পানীৰ দৰে তৰলৰেও ভর্তি হৈ আছে। সম্প্রতি চন্দ্ৰৰ কমেও চাবে ছহেজাৰ গহ্বৰ বা গাঁত বিস্তাৰিতভাৱে পর্যবেক্ষণ কৰাৰ পাছত এনে দাবী কৰিছে এজন জ্যোতির্বিজ্ঞানী আৰু তেওঁৰ দলে।
অৱশ্যে তেওঁলোকে কেৱল সম্ভাৱনাৰ কথাহে জনাইছে। সঁচাকৈয়ে চন্দ্ৰৰ বুকুত প্লেটিনামৰ খনি অথবা পানীৰ দৰে তৰল আছে নে নাই, সেয়া নিশ্চিত হোৱাটো এতিয়াও সময়ৰ অপেক্ষা।
সম্প্রতি এক গৱেষণাৰ প্ৰতিবেদনত দাবী কৰিছে যে চন্দ্ৰৰ ৬৫০০টা গহ্বৰ পৰ্যবেক্ষণ কৰি যি ধাৰণা পোৱা গৈছে, সেয়া হৈছে চন্দ্ৰৰ বহুতো গহ্বৰত অতি মূল্যবান খনিজ সম্পদ আছে। এই তালিকাত প্লেটিনামৰ উপৰি ৰ’ডিয়াম, পেলাডিয়ামৰ দৰে ধাতুও আছে।
ধাৰণা কৰা হৈছে যে মহাশূন্যত যিবোৰ গ্ৰহাণুৱে অবিৰতভাৱে ঘূৰি ফুৰিছে, সিবোৰৰ কিছুমানে হয়তো চন্দ্ৰৰ বুকুত আছাৰ খাই পৰি ধ্বংস হৈছে তথা সেইবোৰেই এই বহুমূলীয়া সম্পদৰ উৎস। আকৌ তাৰ ভিতৰত প্ৰায় চাৰে তিনি হেজাৰ গহ্বৰত পানীৰ দৰে হাইড্ৰ’জেন সমৃদ্ধ তৰলো আছে, যিবোৰ প্রাণধাৰণৰ উপযোগী হ’ব পাৰে।
জগন্নাথ চেন্নামংগলম নামৰ এজন জ্যোতির্বিজ্ঞানীয়ে নিজৰ দলৰ স’তে দীর্ঘদিন ধৰি চন্দ্ৰৰ ওপৰত এই গৱেষণা চলাই আছে। নিজৰ পর্যবেক্ষণ সন্দর্ভত চেন্নামংগলমে কয়, ‘পৃথিৱীৰ কাষেদি যিবোৰ গ্রহাণু পাৰ হৈ যায়, তাৰ অধিকাংশই খনিজ সম্পদ সমৃদ্ধ। তাৰ পৰিমাণো পৃথিৱীত জমা হৈ থকা খনিজৰ তুলনাত প্রায় দ্বিগুণ। সেইবোৰেই চন্দ্ৰত খুন্দা মাৰি আছাৰ খাই পৰিছে। চন্দ্ৰগহ্বৰ হৈ পৰিছে খনিজৰে ভৰপূৰ। ই ভবিষ্যতে অত্যন্ত লাভজনক হ’ব পাৰে।’
পৃথিৱীৰ একমাত্র উপগ্রহক লৈ এনে সুখবৰৰ সমান্তৰালকৈ আশংকাও আৰম্ভ হৈছে। তেতিয়া হ’লে প্লেটিনামৰ ভাণ্ডাৰৰ দখল ল’বলৈ মুনাফালোভীয়ে চন্দ্রলৈ ৰাওনা হ’ব নেকি?
সেই প্রতিযোগিতা আৰম্ভ হ’বলৈকো হয়তো আৰু বেছি দেৰি নাই। অৱশ্যে গৱেষকৰ দলে জনাইছে যে এইবোৰ মূল্যবান ধাতু কেৱল ব্যৱসায়িক স্বার্থতেই যে কামত আহিব, তেনে নহয়। যদি উত্তোলন কৰা সম্ভৱ হয়, তেন্তে চিকিৎসা ক্ষেত্ৰতো ইয়াৰ ব্যৱহাৰ অসীম। অৱশ্যে গ্রহাণুৰ পৰা ছিটিকি অহা ধাতৱ সামগ্ৰীৰ স্থায়িত্ব চন্দ্রপৃষ্ঠত কিমান দিনলৈ থাকিব, তাক লৈ সংশয় আছে। তাৰ পৰিৱেশত সমস্ত গুণাগুণ লৈ এইবোৰ সঞ্চিত অৱস্থাত নাথাকিব পাৰে বুলিও আশংকা কৰিছে বিজ্ঞানীৰ দলটোৱে।
