Japanese animation:✒️ জাপানী এনিমেচন চলচ্চিত্র ‘ডেমন স্লেয়াৰ ইনফিনিটি কেচল পার্ট-১’-এ বিশ্বজুৰি ব্যৱসায়ৰ এক নতুন ইতিহাস ৰচিলে। ‘ডেমন স্লেয়াৰ’-এ প্রথমখন জাপানী চলচ্চিত্ৰ হিচাপে বিশ্বজুৰি বক্স অফিচত ৬০০ নিযুত ডলাৰ অৰ্থাৎ প্রায় ৫০,০০০ কোটি টকাৰ ব্যৱসায় কৰিলে।
সম্প্ৰতি এইখন জাপানী চলচ্চিত্ৰৰ মুঠ ব্যৱসায়ৰ পৰিমাণ ৬০৬.৫ নিযুত ডলাৰ অৰ্থাৎ ৫০,৬৪২ কোটি টকা হ’ল। আগন্তুক সপ্তাহত ‘ডেমন জেয়াৰ’ৰ ব্যৱসায়ৰ পৰিমাণ অধিক বৃদ্ধিৰ সম্ভাৱনা আছে। ছবিখনে জাপানৰ চিত্ৰগৃহত ২৩৫.৭ নিযুত ডলাৰ অৰ্থাৎ ১৯,৬৮১ কোটি টকা উপার্জন কৰিলে।
উত্তৰ আমেৰিকাত ছবিখনে ১১৫.৮ নিযুত ডলাৰ অর্থাৎ ৯.৬৬৯ কোটি টকাৰ ব্যৱসায় কৰে। অন্যান্য আন্তর্জাতিক বজাৰত ‘ডেমন স্লেয়াৰ’-এ ২৫৫ নিযুত ডলাৰ অর্থাৎ প্রায় ২১,২৯৩ কোটি টকা উপার্জন কৰে।
চীনৰ চিত্ৰগৃহত বর্তমানলৈকে ছবিখন মুক্তি দিয়া হোৱা নাই আৰু চীনত মুক্তিব অনুমতি লাভ কৰিলে ‘ডেমন স্লেয়াৰ’ৰ ব্যৱসায় অধিক বৃদ্ধিৰ সম্ভাৱনা আছে। এইখন ছবি হাৰুঅ’ ছ’টাজাকিয়ে পৰিচালনা কৰিছে। যোৱা জুলাইত চিত্রগৃহত ‘ডেমন স্লেয়াৰ’-এ মুক্তি লাভকৰিছিল।
বর্তমানলৈকে বক্স অফিচত সর্বাধিক ব্যৱসায় কৰা জাপানী ছবি হিচাপে ‘ডেমন স্লেয়াৰ’ স্বীকৃত হ’ল।






























