Assam Nagaland Border Conflict:
পুনৰ উত্তপ্ত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল ৷ সৰুপথাৰৰ টেঙাতল জালাল বস্তিৰ সংখ্যালঘু অধ্যুষিত গাঁৱত যোৱা এঘাৰ বজাত নিশা অৰ্তকিতে সশস্ত্ৰ নগা দুৰ্বৃত্তই সন্ত্ৰাস সৃষ্টি কৰি অগ্নিসংযোগ কৰে তিনি শতাধিক বাসগৃহ ৷

প্ৰাণৰ মমতাত লামলাকটি লৈ ঘৰৰ ভিততৰৰ পৰা ওলাই অহা গঞাক আক্ৰমণ কৰে নগা দুৰ্বৃত্তৰ দলটোৱে ৷ আনকি অগ্নিসংযোগৰ পিছত গুলীচালনা আৰু গ্রেনেড নিক্ষেপ কৰে নগা দুৰ্বৃত্তই ৷ ঘটনাৰ পিছতে আৰক্ষী আৰু চিআৰপিএফ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ চেষ্টা কৰে যদিও গাঁৱত প্ৰৱেশত বাধাৰোপ কৰে সশস্ত্ৰ নগা দুৰ্বৃত্তই ৷ বৰ্তমান চেপা উত্তেজনা অব্যাহত আছে ৷
ইতিমধ্যে উত্তেজনা অব্যাহত থকা অঞ্চলটোলৈ আৰক্ষীৰ বৃহৎ দল ৰাওনা হৈছে । উল্লেখ্য যে নগাই সংখ্যালঘু অধ্যুষিত গাঁও খন দখল কৰাৰ উদ্দেশ্যৰে নিশা এইদৰে অগ্নিসংযোগ আৰু সন্ত্ৰাস সৃষ্টি কৰিছিল ৷






























