Janata Bhawan: বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

বান নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰিব বৃহাদাকাৰ পুখুৰী অথবা জলাশয়, সংবাদমেলত সদৰি জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ

pijush new

Janata Bhawan:

ৰাজ্যত পূবৰ তুলনাত শেহতীয়াকৈ যথেষ্ট হ্ৰাস পাইছে বান ৷ প্ৰায় ৭০ শতাংশ হ্রাস পাইছে বানপানী। এই মন্তব্য জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ ৷শুকুৰবাৰে দিছপুৰস্থিত জনতা ভৱনত আয়োজিত এক সংবামেলত মন্ত্ৰী গৰাকীয়ে কয় ,ৰাজ্যৰ বান প্ৰতিৰোধৰ বাবে বিগত পাঁচটাবৰ্ষত নিৰ্মাণ কৰা হৈছে ৯০০ কি. মি মথাউৰি ।

আনহাতে বান প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় ,অসমৰ ১৫ টা স্থানত বৃহাদাকাৰ পুখুৰী বা জলাশয় খান্দি পাৰ বান্ধি শুইছ গেট নির্মাণ কৰা হ’ব ৷ পৰৱৰ্তী সময়ত নদীৰ পৰা লিংক কৰা হ’ব বৃহাদাকাৰ পুখুৰী সমূহ ৷ এই পুখুৰী খননৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰণালয়ে অনুমোদন জনাইছে ৬৯২ কোটি টকা অনুমোদন জনাইছে ৷ অচিৰেই বৃহাদাকাৰ পুখুৰী খন্দা প্ৰকল্প আৰম্ভ হ’ব ৷

উল্লেখ্য য়ে মন্ত্ৰী গৰাকীয়ে সংবাদমেলতে উল্লেখ কৰে যে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ সমষ্টিটো এনে পুখুৰী খন্দা ৷ ইয়াৰ শুভাৰম্ভণী অনুষ্ঠানলৈ সাংসদ গৰাকীকো নিমন্ত্ৰণ কৰাৰ কথা সদৰি কৰে ৷

Exit mobile version