Pijush Hazarika Reaction:
:কিছুদিন পূৰ্বে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআই-এ মন্ত্ৰী পীযুষ হাজৰিকাক মাছৰ বেপাৰী বুলি ইতিকিং কৰাৰ সন্দৰ্ভত আজি পুনৰ সৰৱ হৈ পৰে মন্ত্ৰী গৰাকী ৷
জনতা ভৱনত আয়োজিত এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় কংগ্রেছৰ ছাত্ৰ সংগঠনটোৱে মোক মাছ বেপাৰী বুলি কোৱাত মই বেয়া পোৱা নাই। কিন্তু মাছ বেপাৰ কৰা বাকীসকল লোকক যে অপমান কৰা হ’ল, সেইটোত মোৰ দুখ। মই অসমৰ কেবিনেট মন্ত্রী হৈয়ো এতিয়াও মৎস্যজীৱী। সেইটোক লৈ মই গৌৰৱ কৰো। মোৰ পৰিয়ালৰ ১০০ বিঘাতকৈ ওপৰত পুখুৰী আছে ৷ এতিয়াও আমি মাছ ব্যৱসায়ৰ স’তে জড়িত ৷
