Zubeen Garg:✒️ছিংগাপুৰত আয়োজিত নর্থ-ইষ্ট ফেস্টিভেললৈ আমন্ত্রণ কৰি নিয়া অসুস্থ জুবিন গাৰ্গে সাগৰত ৰহস্যজনক মৃত্যুক সাবটি লোৱা ঘটনাটো ক্রমশঃ পৰিকল্পিত হত্যাৰ দিশলৈ ধাৱমান হৈছে। বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ ইয়াৰ বাবে ভাৰতীয় ন্যায় সংহিতাৰ বিশেষ ধাৰা আৰোপ কৰি জেৰা কৰা লোকৰ পৰিসৰো বৃদ্ধি কৰিছে।
এই ঘটনাৰ মূল অভিযুক্তৰূপে চিহ্নিত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাক অভিকেন্দ্ৰ কৰি পৰিসৰ বৃদ্ধি কৰাৰ অংশৰূপে আজি নতুনকৈ কে’বাজনো লোকক সোধাপোছ কৰা হয়। ইয়াৰ মাজতে সম্প্ৰতি গ্ৰেপ্তাৰ কৰা হয় সাগৰত জুবিনে মৃত্যুক সাবটি লোৱা ঘটনাৰ সময়ত তাত উপস্থিত থকা বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু সহ কণ্ঠশিল্পী অমৃতপ্রভা মহন্তক কালি পুৱা এছআইটিয়ে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰে।
এছআইটিৰ আবেদন মর্মে আদালতে ধৃত দুয়োকে ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। সেই অনুসৰি, শুকুৰবাৰে চিআইডিৰ গুৱাহাটীৰ উলুবাৰীস্থিত মুখ্য কার্যালয়ত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নর্থ-ইষ্ট ফেস্টিভেলৰ মুখ্য উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ লগতে শেখৰজ্যোতি আৰু অমৃতপ্রভাক জেৰা ভাগে ভাগে অব্যাহত ৰাখিছে তদন্তকাৰী দলে। ইয়াৰ সমান্তৰালকৈ শুকুৰবাৰে নিশা প্রায় এক বজালৈ জেৰা কৰা হয় জুবিনৰ সম্পৰ্কীয় ভ্রাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক। সাগৰত সংঘটিত ঘটনাৰ সময়ত সন্দীপনো তাত উপস্থিত আছিল।
নতুন কে’বাজনকো জেৰা
শুকুৰবাৰে নতুনকৈ শ্যামকানু মহন্তৰ দুজন সহযোগীক জেৰা কৰা হয়। তেওঁলোক হ’ল পংকজ অধিকাৰী আৰু প্রীতম তালুকদাৰ। তদুপৰি সিদ্ধার্থ শৰ্মাৰ সহযোগী হিচাপে কাম কৰা কৃষাণু দাসকো সোধপোছ কৰা হয়। আজি জুবিনৰ ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰাকো এছআইটিয়ে তলব কৰে। সেই অনুসৰি, বৰা চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ভাষ্য প্রদান কৰে।
পত্নীৰ অজ্ঞাতে ৰ’ল বহু কথা!
চিআইডিৰ সূত্রই জনায় যে জুবিন গার্গে য়টত উঠি সাগৰলৈ বিনোদনৰ বাবে যোৱা বিষয়টো পত্নী গৰিমা শইকীয়া গাৰ্গৰ অৱগত নাছিল; অথচ গৰিমাই জুবিনৰ স্বাস্থ্যৰ খবৰ লৈ আছিল। সেইবাবে ছিংগাপুৰলৈ যোৱাৰ সময়ত জুবিনে গ্ৰহণ কৰা ঔষধ সযতনে বান্ধি দিছিল। মেনেজাৰ সিদ্ধার্থ শৰ্মাই কিয় জুবিনক দুদিন ধৰি ঔষধ যোগান ধৰা নাছিল, সেয়া হৈ পৰিছে এক ডাঙৰ সাঁথৰ। তদুপৰি যিখন বেগত জুবিনে নিয়মীয়াকৈ গ্রহণ কৰা ঔষধবিধ আছিল, তাৰ লগতে আৰু কে’বাবিধো অন্যান্য ঔষধ চিআইডিৰ হাতত পৰা বেগখনৰ পৰা উদ্ধাৰ হৈছে। ঔষধৰ বেগখন সিদ্ধাৰ্থৰ পৰা জব্দ কৰা হয়। এফালে ঔষধ নিদিয়া আৰু আনফালে অসুস্থ মানুহজনক সাগৰলৈ নিয়াক লৈ সিদ্ধার্থৰ বিৰুদ্ধে তীব্র ক্ষোভৰ সৃষ্টি হৈছে। গৰিমাই নিজেও এই ক্ষোভ প্রকাশ কৰি কয়, ‘যিজন মানুহ দিনত শুব লাগিছিল, সেইজনক কিয় তেনেদৰে টানি লৈ যোৱাৰ কি দৰকাৰ আছিল? সিদ্ধার্থই কিয় বাধা দিয়া নাছিল?’ টোপনিবিহীন নিশা পাৰ কৰাটো জুবিনৰ এটা পুৰণি অভ্যাস। নিশাৰ পৰিবৰ্তে জুবিনে দিনত শুইছিল। অথচ জুবিনক শুবলৈ নিদি কিয় সাগৰলৈ লৈ যোৱা হৈছিল? এই প্রশ্ন এছআইটিয়ে সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক বাৰম্বাৰ কৰিছে। তদন্তকাৰী দলৰ সূত্ৰই সদৰী কৰা মতে, ইয়াৰ সঠিক উত্তৰ কোনেও দিব পৰা নাই। অথচ তেওঁলোকে প্রত্যেকে জানে যে দিনত জুবিনে শোরে। নিশা বীয়েৰো পান কৰিছিল জুবিনে। বীয়েৰৰ লগত জিন সেৱন কৰা বুলিও সন্দেহ কৰিছে তদন্তকাৰী দলে। গতিকে সন্ধিয়ালৈ থকা নর্থ-ইষ্ট ফেস্টিভেলৰ সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে জুবিনক শুবলৈ দিয়াটো সকলোৰে দায়িত্ব আছিল। তদুপৰি জুবিন আছিল অসুস্থ। সাঁতুৰি থকা অৱস্থাত জুবিনৰ দেহৰ মাংসপেশী অসাৰ হৈ পৰিছিল নেকি? এই প্রশ্নও সিদ্ধার্থ, শেখৰজ্যোতি আৰু অমৃতপ্ৰভাৰ লগতে সন্দীপন গাৰ্গকো কৰা হৈছে। কাৰণ ঘটনাস্থলীত এই চাৰিও উপস্থিত আছিল আৰু তেওঁলোকহে সংঘটিত ঘটনাৰ সম্পূর্ণ প্রত্যক্ষদর্শী।
নতুন ছিমকার্ড লৈছিল সিদ্ধার্থই
জুবিন গাৰ্গৰ নশ্বৰদেহৰ স’তে ছিংগাপুৰৰ পৰা দিল্লীলৈ অহা সিদ্ধার্থ শৰ্মাই আত্মাগোপনৰ সময়ত ৰাজস্থানলৈ গৈছিল। ৰাজস্থানৰ আলৱাৰত সিদ্ধার্থই যোৱা ২৬ ছেপ্টেম্বৰত ম’বাইল ফোনৰ নতুন ছিমকার্ড লৈছিল। প্রিপেইড ছিমকার্ড সংগ্ৰহ কৰি ফেচবুক, হোৱাটছএপ আৰু টেলিগ্রাম এপ লগ ইন কৰিছিল। ৰাজস্থানৰ পৰাই দিল্লী-হাবিয়ানা সীমান্তত উপস্থিত হৈছিল সিদ্ধার্থ। তাত আত্মগোপন কৰি থকা অৱস্থাতে চিআইডিয়ে তেওঁক গ্রেপ্তাৰ কৰে।
ৰাজসাক্ষী হ’ব নেকি সন্দীপন?
শুকুৰবাৰে নিশা কমেও ১৭ ঘণ্টা জেৰাৰ সন্মুখীন হয় সন্দীপন গার্গ। মাজনিশা ঘৰলৈ যোৱাৰ অনুমতি দিয়া সন্দীপন জুবিন গাৰ্গৰ লগত সাগৰত সংঘটিত ঘটনাৰ সময়ত উপস্থিত আছিল। একে ধৰণে উপস্থিত থকা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক এছআইটিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত সন্দীপনক লৈ বিশেষ পৰিকল্পনা কৰা হৈছে নেকি বুলি চর্চা চলিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সন্দীপনে এই ঘটনাৰ ৰাজসাক্ষী হোৱাৰ ইচ্ছা প্রকাশ কৰিছে। বিষয়টো প্রত্যক্ষভাবে নক’লেও তাৰ ইংগিত দিয়াৰ চেষ্টা সন্দীপনে চলাইছে।
শ্যামকানুক সাক্ষাতত বিফল পত্নী
গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা চিআইডিৰ মুখ্য কাৰ্যালয়ত ৰখা শ্যামকানু মহন্তক সাক্ষাতৰ বাবে আজি পুৱা উপস্থিত হয় পত্নী অনিতা ডেকা মহন্ত; কিন্তু চিআইডিয়ে সাক্ষাতৰ অনুমতি নিদিলে। শ্যামকানুক অযথা বদনামৰ ভাগিদাৰ কৰা হৈছে বুলিহে প্ৰকাৰান্তৰে তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।






























