Cm Himanta Viswa Sarma :
জুবিন গাৰ্গ সম্পৰ্কে কিবা ক’বলগীয়া থাকিলে এতিয়াৰ পৰা সংবাদ মাধ্যমক পোনপটীয়াকৈ নকয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এই সম্পৰ্কীয় কিবা ক’বলগীয়া থাকিলেফেচবুকৰ জৰিয়তে সদৰি কৰা হ’ব ৷ সাংবাদিকৰ আগত কিবা ক’লে দেশৰ পৰিস্থিতি বেয়া হোৱাৰ আশংকা থাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷
ইতিমধ্যে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে→ৰাজ্যৰ জটিল পৰিৱেশত ৰাইজৰ সৈতে যোগাযোগৰ ব্যৱস্থাও পোনপটীয়া হোৱা উচিত বুলি ভাবোঁ। সেয়ে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ তদন্ত সন্দৰ্ভত মোৰ ফালৰ পৰা জনাবলগীয়া সকলো তথ্য ফে’চবুক লাইভৰ জৰিয়তে ৰাইজক পোনপটীয়াকৈ জনাই থাকিম। উক্ত বিষয়ত সংবাদ মাধ্যমৰ পৰা সন্মান সহকাৰে প্ৰশ্নসমূহ গ্ৰহণ কৰিম, উত্তৰসমূহ একেলগে ফে’চবুক লাইভৰ জৰিয়তে প্ৰকাশ কৰি যাম।
আনহাতে বিপিএফৰে বিজেপিৰ মিত্ৰতা হোৱা – নোহোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় বিজেপিৰ স’তে,ইউপিপিএল আৰু বিপিএফ একেলগে সহৱস্থান কৰাতো সম্ভৱ নহয় ৷ অৱশ্যে সময়ত এই ক্ষেত্ৰত লোৱা হ’ব এক সময়োচিত সিদ্ধান্ত ৷
