Shyamkanu Mahanta Wife:
ছিংগাপুৰত অনুষ্ঠিত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত উপস্থিত আছিল তেওঁৰ পত্নী অনিতা ডেকা মহন্ত। অনিতা ডেকা মহন্তক দেখা গৈছিল কেইটামান ভিডিঅ’ত। ছিংগাপুৰত জুবিনৰ নশ্বৰদেহ হাস্পতালৰ পৰা উলিয়াই নিয়াৰ সময়ত উপস্থিত আছিল শ্যামকানু পত্নী। সেইবোৰ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷
ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰি থকা চিআইডিৰ বিশেষ তদন্তকাৰী দলে ইতিমধ্যে ছিংগাপুৰত উপস্থিত থকা বহু কেইজনক তলব কৰি ভাষ্য গ্ৰহণ কৰিছে যদিও এই পৰ্যন্ত তদন্তৰ আওতালৈ অহা নাই শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত ৷ কি কাৰণত তেওঁক আজিলৈকে কৰা হোৱা নাই তলব ৷অথচ শ্যামকানু চিআইডিৰ লকআপত থকাৰ পিছৰে পৰা খাদ্য – কাপোৰ কানিৰ যোগান ধৰি আহিছে মহন্ত পত্নীয়ে ৷
উল্লেখ্য যে অনিতা ডেকা মহন্ত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক গোষ্ঠী TRENDMMSৰ সঞ্চালক হিচাপে নিয়োজিত আছিল ৷






























