Theft Incident:
সৰিয়হৰ ডুলিত ভূত। এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এটা ৰাষ্ট্ৰীয়তাকৃত বেংকৰ শাখা প্ৰবঞ্চক সহ কে’বাজনো কৰ্মচাৰীৰ ক্ষেত্ৰত ৷
উল্লেখ্য যে দক্ষিণ শালমৰাৰ জিলাৰ মানকাচৰস্থিত ইউকো বেংকৰ শাখাটোত সংঘটিত হৈছিল চুৰিকাণ্ড। চুৰে লুট কৰি নিয়া বহুলাখ টকা ৷এই সন্দৰ্ভত বেংক কতৃপক্ষৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে লাভ কৰে কেতবোৰ তথ্য ৷ সেই অনুসৰি বেংকতে আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় লুট কৰি নিয়া ৯ লাখ ৫০ হাজাৰ টকা ।
একেদৰে বেংকটোৰ শাখা প্ৰবন্ধক সহ আন তিনি কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে লক্ষাধিক টকা ৷ আৰক্ষীৰ মতে,বেংকৰ শাখা প্ৰৱন্ধক, গাণনিক আৰু কৰ্মচাৰীয়ে সংঘটিত কৰিছিল চুৰিকাণ্ড ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শাখা প্ৰৱন্ধক সাহিল আঞ্জুম, গাণনিক অময়দ্বীপ ৰয় আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰিহান্ট হৰিজনক গ্ৰেপ্তাৰ কৰে মানকাছাৰ আৰক্ষীয়ে ৷




































