Japan:✒️জাপানৰ নতুন প্রধানমন্ত্রীৰূপে শপত ল’ব ছানায়ে টাকাইছিয়ে। শাসকীয় লিবাৰেল ডেম’ক্রেটিক পার্টি (এলডিপি)য়ে তেওঁক নতুন নেত্ৰীৰূপে নির্বাচিত কৰিছে। ব্রিটেইনৰ প্ৰথম মহিলা প্রধানমন্ত্রী মার্গাৰেট থেচাৰৰ ভক্ত ছানায়ে হ’ব জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী।
৬৪ বছৰীয়া এই নেত্ৰীগৰাকীৰ উত্থানক লৈ অৱশ্যে জাপানৰ মহিলাসকল যথেষ্ট সুখী নহয়। কিয়নো পূর্বতে মহিলাসকলৰ হিতৰ বাবে গ্রহণ কৰা বিভিন্ন সংস্কাৰমূলক পদক্ষেপ আৰু বিধেয়কৰ তেওঁ বিৰোধিতা কৰিছে।
শাসক দলৰ অন্যতম কঠোৰপন্থী সদস্য বুলি তেওঁ পৰিচিত।বিগত মাহত জাপানৰ প্রধানমন্ত্রী পদৰ পৰা ইস্তফা দিয়ে শিগেৰু ইছিবাই। যোৱা এবছৰ ধৰি এলডিপিত ইছিবাইক লৈ অসন্তুষ্টি বিৰাজ কৰিছিল। বিগত জুলাইত জাপানৰ সংসদৰ উচ্চ সদনত সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পাছত ইছিবাৰ শাসন ব্যৱস্থাক লৈ প্রশ্ন উঠে।
বিৰোধিতা কেৱল নহয় নিজ দলতে বিসম্বাদৰ সম্মুখীন হয় তেওঁ। এইবাৰ এলডিপিয়ে নেত্রী বাছনি কৰা ছানায়েৰ সন্মুখত এতিয়া দলৰ আভ্যন্তৰীণ কন্দলৰ সমাধান কৰাটো এক বৃহৎ প্রত্যাহ্বান হৈ ঠিয় দিছে। তদুপৰি জাপানৰ মন্থৰ গতিৰ অৰ্থনৈতিক তজবজীয়া কৰি মূল্যবৃদ্ধি নিয়ন্ত্রণাধীন কৰিব লাগিব।
ইয়াৰ পূর্বে তেওঁৰ সন্মুখত আছে মহিলাসকলৰ সমৰ্থন আদায়ৰ বৃহৎ প্রত্যাহ্বান। তেওঁ প্রধানমন্ত্রী হ’লে জাপানৰ মহিলাসকল সন্তুষ্ট নহ’ব। কিয়নো কঠোৰপন্থী ছানায়ে ‘পুৰুষ তান্ত্রিক’ বুলিও পৰিচিত। তেওঁ ভাবে যে মহিলাসকলে প্রথমতে এগৰাকী পত্নী আৰু মাতৃ হোৱা উচিত। একে মত পোষণ কৰে তেওঁৰ দল এলডিপিয়েও।
সমকামীসকলৰ মাজত বিবাহৰ তেওঁ বিৰোধী। মহিলাসকলে স্বামীৰ পৰিৱৰ্তে পিতৃৰ উপাধিৰ ব্যৱহাৰক লৈ সৰৱ হৈছে। তেওঁৰ মতে, স্বামী-স্ত্ৰীৰ পৃথক উপাধি জাপানৰ সংস্কৃতি বিৰোধী।
বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ দল এলডিপিত মহিলাসকলক শীর্ষ পদবীত আসন তুলনামূলকভাবে যথেষ্ট কমকৈ দিয়া হয়। পুৰুষ শীর্ষ নেতাৰেই প্রাধান্য আছে দলত।
জাপানাৰ একাংশ মহিলাই উদ্বেক প্রকাশ কৰে যে তেওঁ প্রধানমন্ত্রী হ’লে মহিলাসকলৰ অধিকাৰৰ সংগ্ৰাম, উন্নয়ন সংক্রান্তীয় বিধেয়ক বাধাপ্রাপ্ত হ’ব পাৰে। অৱশ্যে এনে নহয় যে তেওঁ মহিলা সমস্যা সন্দৰ্ভত সামান্যও সৰৱ নহয়।
কেতিয়াবা কেতিয়াবা পৰিচিত স্থিতিৰ বাহিৰলৈ গৈ তেওঁ মহিলাসকলৰ পক্ষত সৰৱ হোৱা দেখা যায়। ইয়াৰ ভিতৰত আছে মহিলাৰ স্বাস্থ্য সন্দৰ্ভত পুৰুষক শিক্ষাদানৰ বিষয়ে। কঠোৰপন্থী এইগৰাকী নেত্রী পূৰ্বতে উচ্চাংগ সংগীতৰ ড্ৰাম বজাইছিল। যৌৱনকালত বাইকাৰো আছিল। তেওঁ স্পষ্ট কৰিছে যে প্রাক্তন প্রধানমন্ত্রী শিনজো আবেৰ ৰক্ষণশীল পথেৰে তেওঁ আগবাঢ়িব।






























