Fire:✒️দেওবাৰে মাজনিশা ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। মৃত অন্তত সাতজন ৰোগী। ঘটনাটোত আন কেবাজনো লোকৰ অৱস্থা সংকটজনক। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি চিকিৎসালয়খনৰ আই চি ইউত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়।তাৰ পাছতে জুই আন ঠাইলৈ বিয়পি পৰে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ আতংকৰ সৃষ্টি হয়।
ভয়ংকৰ অগ্নিকাণ্ডৰ পাছত চিকিৎসালয়ৰ কৰ্মচাৰীসকল পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই।
অৱশ্যে এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰাথমিক অনুমান অনুসৰি,শ্বৰ্ট চাৰ্কিটৰ বাবেই এই ভয়ানক কাণ্ড সংঘটিত হৈছে।
আনহাতে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই ঘটনাৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে।
তথ্য অনুসৰি,ঘটনাৰ সময়ত চিকিৎসালয়খনত ২০০ৰো অধিক ৰোগী চিকিৎসাধীন হৈ আছিল। কেৱল সেয়াই নহয়, চাৰিটা আই চি ইউৰ প্ৰতিটোতে কমেও ৪০ জন ৰোগী চিকিৎসাধীন হৈ আছিল। ইয়াৰে কেবাজনোৰ অৱস্থা সংকটজনক।
ফলত তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ খোজকাঢ়ি যাব পৰা নাছিল। অভিযোগ অনুসৰি প্ৰতিটো আই চি ইউত মাত্ৰ এজন কৰ্মচাৰী আছিল। ভয়ংকৰ অগ্নিকাণ্ডৰ পাছত তেওঁলোককো বিচাৰি পোৱা নগ’ল।
যাৰ ফলত অগ্নিকাণ্ডৰ সময়ত ৰোগীসকলৰ আত্মীয়ই উদ্ধাৰৰ কাম হাতত লয়। ঘটনাক লৈ তীব্ৰ উত্তেজনা বিয়পি পৰে।






























