Guwahati:
বয়োজ্যেষ্ঠসকলৰ আন্তর্জাতিক দিৱস ‘ইণ্টাৰনেচনেল ডে অৱ অল্ডাৰ পাৰ্ছন্স’ৰ স’তে সংগতি ৰাখি দেওবাৰে এপ’ল’ হাস্পতালৰ সহযোগত শান্তানীৰ নামৰ সংস্থাটোৱে বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰে।
বয়োজ্যেষ্ঠ নাগৰিকৰ জীৱন যাপন সুস্থ-সবল আৰু শান্তিপূর্ণ ৰূপত উদ্ভাসিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা কনক্লেভ ফৰ এল্ডার্জ-২০২৫ শীর্ষক সম্মিলনত সমাজৰ বিভিন্ন স্তৰৰ বয়োজ্যেষ্ঠ নাগৰিকে অংশ লয়। আমাৰ সমাজৰ অমূল্য অংশীদাৰ বয়স্ক লোকসকলৰ প্ৰতি থকা সমাজৰ অংগীকাৰ প্রতিফলিত কৰা এই অনুষ্ঠানত কিদৰে জীৱনৰ বিয়লি বেলা তেওঁলোকে এক সতেজ-স্বল, জ্ঞানাকর্ষক আৰু উচ্চমানৰ জীৱন যাপন কৰিব পাৰে এই বিষয়ে আজি অনুষ্ঠানত বিভিন্নজনে আলোকপাত কৰে।
এই উপলক্ষে আয়োজিত বিভিন্ন আলোচনাসত্ৰ পৰিচালনা কৰে নেডফিৰ মহাপ্ৰৱন্ধক, মুখ্য বিত্ত বিষয়া আৰু কোম্পানী চেক্রেটাৰী বিকাশ কুমাৰ আগৰৱালাই। জ্যেষ্ঠ নাগৰিক আৰু ‘বিভীয় সুস্থতা’ শীর্ষক আলোচনাচক্রত বক্তব্য প্রকাশ কৰি অধ্যাপক ডাঃ সুৰেশ চক্ৰৱৰ্তী (জিএমচিএইছৰ মনোবিজ্ঞান বিভাগৰ মুৰব্বী)য়ে জীৱনৰ এই সোণালী কালছোৱাত কিদৰে মানসিক সুস্থতাক সঞ্জীৱনী দিব পাবি সেই বিষয়ে আলোকপাতকৰে। আলোচনাচক্রত ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ পৰিচালনাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি এক বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
সকল উপকৃত হয়। সজাগতা পদক্ষেপৰ দ্বাৰা আনহাতে, ডাঃ প্রদীপ ঠাকুৰীয়া আৰু ডাঃ স্বৰূপ দেই দান কৰা চিত্রশিল্পৰ ‘গেলেৰী অৱ চেৰিটী’ শীৰ্ষক সুন্দৰ প্ৰদৰ্শনীও আছিল অনুষ্ঠানৰ অন্যতম এক আকর্ষণ।
