Air india: ✒️কলম্বোৰ পৰা চেন্নাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা । যদিও পাইলটে বিমানখন নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয়। বিমানখন চেন্নাইৰ পৰা কলম্বোলৈ উভতি যোৱাৰ কথা আছিল।
যদিও এয়াৰ ইণ্ডিয়াই এই ঘটনাৰ বাবে বিমানখনৰ উভতি অহা যাত্ৰা বাতিল কৰা হৈছে বুলি এয়াৰ ইণ্ডিয়াৰ কর্তৃপক্ষই জানিবলৈ দিয়ে।
তথ্য অনুসৰি চেন্নাই বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে চৰাইৰ খুন্দা খবৰটো পোৱা গৈছে। অৱশ্যে বিমানখনৰ কিমান ক্ষতি হৈছে সেয়া স্পষ্ট হোৱা নাই। ঘটনাটো ধৰা পৰাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ অভিযন্তাসকলে পৰীক্ষা কৰে।
ইয়াৰ পাছতে বিমানখনৰ উভতি অহাৰ বিমান বাতিল কৰাৰ সিদ্ধান্ত লৈছে।তথ্য অনুসৰি বিমানখনত ১৫৮ জন যাত্ৰী আছিল।
যাত্ৰীসকলক নিৰাপদে বিমানবন্দৰত নমাই দিয়া হয়। আনহাতে, উভতি অহা বিমান বাতিলৰ বাবে যাত্ৰীসকলে কোনো অসুবিধাৰ পৰা হাত সাৰিবলৈ এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই বিকল্প বিমানৰ ব্যৱস্থা কৰিছে।






























