CM:✒️অসমত ইউনিফাইড পেন্সন আঁচনি (ইউপিএছ) প্রবর্তন, শিক্ষক নিযুক্তিত সৰলীকৰণ, অস্থায়ী-স্থায়ী দৰমহাৰ কৰ্মচাৰীক চৰকাৰৰ গাঁথনি অনুসৰি দৰমহা প্রদান, অৰুণাচলৰ মৰাণসকলক অসমৰ স্থায়ী বাসিন্দাৰূপে গণ্য কৰা আদিকে ধৰি কে’বাটাও সিদ্ধান্ত সোমবাৰে ৰাজ্যিক কেবিনেটত গ্রহণ কৰা হয়।
কেবিনেট বৈঠকৰ পাছত দিছপুৰত মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাই এক সংবাদমেলত সদৰী কৰে যে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা ইউপিএছ আঁচনি দেশৰ পঞ্চম ৰাজ্যৰূপে কালি অসমে গ্রহণ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় পেন্সন আঁচনি (এনপিএছ)ৰ বিৰুদ্ধে দেশজুৰি প্রবল প্রতিবাদ চলি আহিছে। অসমতো এই প্রতিবাদ নিৰন্তৰভাৱে অব্যাহত আছে। চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেন্সন আঁচনি প্ৰৱৰ্তনৰ দাবী জনাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় চৰকাৰে নতুন আৰু পুৰণি পেন্সন আঁচনিৰ মাজত ইউপিএছ নামৰ নতুন আঁচনি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰে।
অৱশ্যে কর্মচাৰীসকলে ইউপিএছৰো বিৰোধিতা কৰি আহিছে। ইয়াৰ মাজতে সোমবাৰে ৰাজ্যত ইউপিএছ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰে ড° শৰ্মা কেবিনেটে। এই প্রসংগত মুখ্যমন্ত্রীয়ে কয়, ‘ইউপিএছ ব্যৱস্থাত সেৱাকাল সম্পূর্ণ শেষ হোৱাৰ পাছত অথবা স্বেচ্ছামূলক অৱসৰৰ পাছত কর্মচাৰীসকলে নিশ্চিত পেন্সন লাভ কৰিব। নিশ্চিত পেন্সনৰ হাৰ হ’ব অৱসৰৰ ঠিক আগে আগে ১২ মাহৰ গড় মূল দৰমহাৰ ৫০ শতাংশ। পাৰিবাৰিক পেন্সনৰ হাৰ হ’ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেন্সন পৰিশোধ পৰিমাণৰ ৬০ শতাংশ। এনেদৰে বিভিন্ন নিয়ম এই ব্যৱস্থাত আছে। ইউপিএছ আমি গ্রহণ কৰিলেও এনপিএছ ব্যৱস্থা খোলা থাকিব। নতুনসকল এনপিএছত বেছি লাভবান হ’ব। মই ভাবো অসমেও ইউপিএছ গ্ৰহণৰ পাছত পুৰণি আৰু নতুন পেন্সন আঁচনিক লৈ ইমান দিনে যি বিতর্ক চলি আহিছে সেয়া নোহোৱা হ’ব। এজন কর্মচাৰী এনপিএছত থাকিব বিচাৰে নে ইউপিএছ বিচাৰে সেই সিদ্ধান্ত অহা এবছৰৰ ভিতৰত ল’ব লাগিব। কেবিনেটত কালি এই সিদ্ধান্ত হয়।’
সোমবাৰৰ কেবিনেটে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত হৈ থকা ১,২৩১ গৰাকী মাষ্টাৰ ৰ’ল, অস্থায়ী আৰু স্থায়ী দৰমহাৰ কৰ্মচাৰী ন্যূনতম দৰমহা প্রদানত অনুমোদন জনায়। ইয়াৰ লগতে অসম সচিবালয়ত কৰ্মৰত ৯৯ জন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়েও বৰ্তমানৰ ন হেজাৰ টকাৰ পৰিবর্তে ১৬,৪০০ টকা মাহিলি লাভ কৰিব। কৰ্মচাৰীৰ প্ৰসংগতে শিক্ষয়িত্রী বদলিৰ ক্ষেত্ৰতো ৰাজ্যিক কেবিনেটে এক সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা অসমৰ শিক্ষয়িত্ৰীসকলক গৃহ জিলা অথবা গৃহ জিলাৰ কাষৰ জিলালৈ বদলি কৰাৰ সিদ্ধান্ত আজি লোৱা হয়।
অৱশ্যে ইয়াৰ বাবে শিক্ষয়িত্ৰীগৰাকীয়ে বৰ্তমানৰ স্থানত ন্যূনতম পাঁচ বছৰ চাকৰি কাল সম্পূর্ণ কৰিব লাগিব। আজি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ এক সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্রীয়ে কয়, ‘সর্বশিক্ষা অভিযানৰ অধীনত ন্যূনতম পাঁচ বছৰ শিক্ষকতা কৰাসকলৰ চাকৰি নিয়মীয়াকৰণৰ এক সিদ্ধান্ত শেহতীয়াভাৱে শিক্ষা বিভাগে গ্রহণ কৰিছিল। পাঁচ বছৰ সময়সীমা বেছি হোৱা বুলি পৰৱৰ্তী সময়ত যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি হয়। সেই সময় তিনি বছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত আজি কেবিনেটে গ্রহণ কৰে।’
কেবিনেটত আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্তও কালি গ্রহণ কৰা হয়। অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক বর্তমানৰ চৌহদতে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ইয়াৰ লগতে একেটা চৌহদত পেৰামেডিকেল, শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান শিক্ষা বিশ্ববিদ্যালয় আদিও গঢ়ি তোলা হ’ব। এই গোটেই প্রকল্পৰ বাবে আজিৰ কেবিনেটে ৪,২৫৭ কোটি টকাত অনুমোদন জনায়। ইয়াৰে ২২শ কোটি টকা চিকিৎসা মহাবিদ্যালয়খনক নতুন রূপ দিয়াতে ব্যয় হ’ব। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা তথ্য অনুসৰি, নতুনকৈ নির্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খনত পাঁচ হেজাৰ ৰোগী থকাৰ সুবিধা গঢ়ি তোলা হ’ব। ব্যয় হ’ব লগা ধনৰ ঋণ এছিয়ান ডেভেলপমেন্ট (এডিভি) য়ে আগবঢ়াব। সেই ঋণৰ ৮০ শতাংশ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব আৰু ২০ শতাংশ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। জিএমচিএইছৰ নতুন ৰূপটো দেশৰ ভিতৰতে বৃহৎ আৰু সুন্দৰ হ’ব।
অৰুণাচলত যথেষ্ট সংখ্যক মৰাণ জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। সেইসকল অসমৰ স্থায়ী বাসিন্দাৰূপে বিবেচিত হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে। এই সিদ্ধান্তৰ ফলত জনগোষ্ঠীটোৰ মেধাবী ছাত্র-ছাত্রীসকলে অসমৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব বুলি মুখ্যমন্ত্রীয়ে জনায়। একেদৰে সামৰিক-অর্ধসামৰিক বাহিনীৰ লোকৰ সন্তান, অন্য চাকৰি সূত্রে অসমৰ বাহিৰত থকাসকলৰ সন্তানেও অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এতিয়াৰ পৰা অধ্যয়ন কৰিব পাৰিব। অৱশ্যে তাৰ বাবে তেওঁলোকৰ তিনিটা প্রজন্ম অসমত থকা হ’ব লাগিব বুলি মুখ্যমন্ত্রীয়ে জনায়।
শিক্ষাৰ ক্ষেত্ৰত কেবিনেটে কালি দুটা বিশেষ সিদ্ধান্ত গ্রহণ কৰে। এইবাৰ স্নাতক পাঠ্যক্ৰমত ১,৭৫,৮১৭ গৰাকী ছাত্র-ছাত্রীয়ে বিনামুলীয়াকৈ নামভর্তি কৰে। তাৰ বাবদ নামভৰ্তি কৰা মহাবিদ্যালয়বোৰক ১২৬ কোটি টকা প্রদানৰ অনুমোদন আজি দিয়া হয়। এইবাৰো নৱম শ্ৰেণীৰ ৩,১১,৬১৪ গৰাকী ছাত্র-ছাত্রীক চাইকেল বিতৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে আৰু ইয়াৰ বাবদো আজি ১৩০ কোটি টকাত অনুমোদন দিয়া হয়।
আজি ৰাজ্যত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আৰম্ভ হ’ব। বিটিচিৰ জিলাকেইখনক বাদ দি ৩০ লাখ মহিলাক সামৰি কাইলৈৰ পৰা অৰুণোদয়ৰ ধন মোকলাই দিয়া হ’ব। মুখ্যমন্ত্রীয়ে কালি সদৰী কৰে যে এতিয়াৰ পৰা জীৱিকা সখী, পশু সখী, বেংক সখী আদিকে ধৰি অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত কৰ্মৰতসকলেও অৰুণোদয়ৰ সুবিধা লাভ কৰিব। সংশ্লিষ্টসকলে নিজে কৰ্মৰত হৈ থকা পদটোৰ হৈ লাভ কৰা মাননিৰ ওপৰঞ্চি অৰুণোদয় পাব আৰু ইয়াৰ জৰিয়তে ন্যূনতম ১২ হেজাৰ মহিলা উপকৃত হ’ব বুলি ড° শর্মাই সদৰী কৰে।






























