Jaffar Express:✒️বেলুচিস্তানৰ জাফাৰ এক্সপ্ৰেছত পুনৰ আক্ৰমণ। ভয়াৱহ বিস্ফোৰণত লাইনচ্যুত হ’ল ৰেলখনৰ কেবাটাও ডবা। মঙলবাৰে সিন্ধ-বেলুচিস্তান সীমান্তৰ চুলতানকোট অঞ্চলত সংঘটিত হয় এই ঘটনা।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লখনত আছিল ৪০০ৰো অধিক যাত্ৰী।ফলত বিপুল ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে। মাত্ৰ দুই সপ্তাহৰ ভিতৰতে ৰে’লখন পুনৰ আক্ৰমণৰ বলি হ’ল । সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি,পাকিস্তানৰ পেছাৱাৰৰ পৰা কুৱেটালৈ গৈ আছিল ৰে’লখন।সিন্ধ-বেলুচিস্তান সীমান্তৰ চুলতানকোট অঞ্চলত ৰে’লখনৰ আক্ৰমণৰ ফলত ব্যাপক বিস্ফোৰণৰ ফলত কেবাটাও ডবা লাইনচ্যুত হয়।
ঘটনাটোত বহু যাত্ৰী আহত হয়। ততাতৈয়াকৈ তেওঁলোকক পাকিস্তান সেনাই উদ্ধাৰ কৰিছে।
প্ৰথম অৱস্থাত আই ই ডি বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল। অৱশ্যে কোনে এই আক্ৰমণ সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে এই আক্ৰমণ সংঘটিত হোৱা অঞ্চলটো বেলুচ বিদ্ৰোহীৰ ঘাটি।
গতিকে এই আক্ৰমণৰ আঁৰত বেলুচসকল আছে বুলি ধাৰণা কৰা হৈছে। ইফালে তথ্য অনুসৰি যোৱা দুমাহত পাকিস্তানত যাত্ৰীবাহী ৰে’লত ছটাকৈ আক্ৰমণ সংঘটিত হৈছে।






























