BOKO:
কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত। মানকাছাৰৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। বাছখনৰ নম্বৰ AS 01 FC 0401। ঘটনাৰ পাছতে বকো আৰক্ষী উপস্থিত হৈ বাছৰ যাত্ৰীসকলক উদ্ধাৰ কৰাৰ লগতে আহত কেইগৰাকীক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই।
দুৰ্ঘটনাত আহত ৫ জনকৈ লোক। বাছখনত প্ৰায় ৪০ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। আহত মুজহুৰ ৰহমান (১৯ ), আয়ুব নাবিৰ (৩৯ ), চানুৱাৰা বেগম (৪৫ ), জাহাংগীৰ আলম (২৮ ) আৰু জাভেদ ইছলাম (১৮) চানুৱাৰা বেগম (৪৫ )ক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
