Brahmaputra River:✒️সময়মতে চৰকাৰে কাৰ্যব্যৱস্থা গ্রহণ নকৰাৰ পৰিণতিত বাৰিষাৰ অন্তত সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্রুগড়ত ভয়ানক ৰূপ ধাৰণ কৰিছে। যিকোনো মুহূর্ততে ডিব্রুগড় মহানগৰ নিশ্ছিন্ন হোৱাৰ আশংকাত নিদ্ৰাহৰণ হৈছে স্থানীয় ৰাইজৰ। লুইতৰ এই খহনীয়া ইমানেই প্রবল হৈছে যে ৩০ মিনিটৰ ভিতৰতে এখন উদ্যান, এখন বিশাল খেলপথাৰ, যোগাসনৰ এটা পকী কেন্দ্ৰ আৰু পূজাৰ প্রতিমা বিসর্জনস্থলী জাহ গ’ল।
তদুপৰি নিমিষতে ব্ৰহ্মপুত্ৰৰ পানীয়ে উটুৱাই নিলে শশ জিঅ’ বেগ। ডিব্ৰুগড়ৰ কাছাৰীঘাটত অর্থাৎ পুৰণি আদালত চৌহদৰ পাছফালে সম্প্রতি খহনীয়াই কালৰূপ ধাৰণ কৰিছে। কালি বিয়লিলৈ পৰিস্থিতি স্বাভাৱিক আছিল যদিও কিছু সময়ৰ পাছতে খহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰে। আনকি এই খহনীয়াত মহানগৰৰ সুৰক্ষা কবচ স্বৰূপ প্রধান মথাউৰিৰ প্রায় ৩০ ফুটৰ অঞ্চল খহি পৰে। খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে সাজু কৰি ৰখা জিঅ’ বেগসমূহৰ অধিকাংশ নদৰ পানীয়ে উটুৱাই নিয়ে। পাছত বিভাগে জিঅ’ বেগসমূহ উদ্ধাৰৰ চেষ্টা কৰে।
আনহাতে, এই জটিল পৰিস্থিতিৰ খবৰ পাই ঘটনাস্থলীত স্থানীয় বিধায়ক তথা মন্ত্রী প্রশান্ত ফুকনসহ জিলা আয়ুক্ত বিক্রম কৈৰী আদি উপস্থিত হয়। পৰিস্থিতিৰ ভয়াৱহতা সম্পৰ্কত মন্ত্রী ফুকনে কয় যে ভূমিকম্প সদৃশ এই খহনীয়াত মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে এটা যোগাসন কেন্দ্র আৰু জিঅ’ বেগসমূহ জাহ যায়। খহনীয়াস্থলীত ব্রহ্মপুত্ৰত পানী ১৫-২০ মিটাৰ ওপৰত আছে বুলিও মন্ত্রীজনে সদৰী কৰে। বিষয়টো সিমান চিন্তনীয় নহয় বুলিও তেওঁ মন্তব্য কৰে। পৰিস্থিতি সম্পৰ্কত তেওঁ আৰু কয়, ‘খহনীয়া নিয়ন্ত্রণ কৰিব পৰা হ’ব। এই মথাউৰিৰ তলত ১৯৬২ৰে বিস্ফোৰিত প্ৰকাণ্ড শিল (ব্লাষ্টেড ব’ল্ডাৰ) আছে। সেয়েহে বিষয়টো ইমান চিন্তনীয় নহয় আৰু সুৰক্ষা বান্ধটো নিৰাপদ হৈ থাকিব।’
আনহাতে, জিলা আয়ুক্ত কৈৰীয়ে কয় যে জলসম্পদ বিভাগক নির্দেশ দিয়া হৈছে, যাতে নিশাৰ সময়ছোৱাতে সকলো কাম সম্পূৰ্ণ কৰা হয়। স্থানীয় ছাত্র সন্থাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক স্বচক্ষে এই খহনীয়াৰ ভয়াৱহতা বুজ ল’বলৈ দাবী জনাইছে। এই সম্পর্কত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তনুজ হালৈয়ে কয়, ‘ৰাজ্যৰ খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ আছুৱে দাবী জনাই আহিছে। গতিকে খহনীয়াস্থলী মুখ্যমন্ত্রীয়ে পৰিদৰ্শন কৰক।’
বাতৰি লিখা পৰলৈ ডিব্ৰুগড় মহানগৰৰ সুৰক্ষা বান্ধ একপ্ৰকাৰ স্পৰ্শ কৰিছে বৰলুইতে। ফলত স্থানীয় ৰাইজ আতংকিত হৈছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি মহানগৰৰ উপকণ্ঠীয় মাইজান ঠাকুৰবাৰীতো ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া অব্যাহত আছে। এই খহনীয়াত ইতিমধ্যে কে’বাশ মিটাৰ ভূমি জাহ যোৱাৰ উপৰি নামনি অংশতো আৰম্ভ হৈছে ভয়াৱহ খহনীয়া। মাইজান অঞ্চলৰ উজনি অংশত ৭.৪ স্পাৰ ভঙাৰ পাছতে নামনি অংশত খহনীয়াই ভয়াৱহ ৰূপ লৈছে।
অভিযোগ অনুসৰি, সময়মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত গুৰুত্ব নিদিয়াৰ বাবে বৰলুইতে সম্প্রতি ভয়াৱহ ৰূপ লৈছে। এনে পৰিস্থিতিত বহুতে টালি-টোপোলা বান্ধি নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ প্রস্তুতি চলাইছে।






























