Delhi HC summons SRK Red Chillies, Netflix in Sameer Wankhede defamation suit:
বহুচৰ্চিত আই আৰ এছৰ বিষয়া সমীৰ ৱানখেড়ে বলীউদৰ কিংখান শ্বাহৰুখ খান আৰু পত্নী গৌৰী খানৰ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা মানহানিৰ আবেদনৰ শুনানি গ্ৰহণ বুধবাৰে খান দম্পতীলৈ ন্যায়ালয়ে জাৰি কৰে চমন ৷ একেদৰে ৱানখেড়ৰৰ আবেদনৰ উত্তৰ দাখিল কৰিবলৈও ননেটফ্লিক্স আৰু ৰেড চিলিজ এণ্টাৰটেইনমেণ্টলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱৰ এজনীয়া খণ্ড পীঠৰ আদালতে জাৰি কৰে জাননী ৷
দুই পক্ষৰ অধিবক্তা যুক্তি শুনাৰ পিছত আদালতে উল্লেখ কৰে যে এতিয়াও অন্তৱৰ্তীকালীন নিষেধাজ্ঞা জাৰি কৰা নাই যদিও একাধিক ৱেবছাইটৰ পৰা অভিযোগ কৰা মানহানিকাৰক বিষয়বস্তু আঁতৰাই পেলোৱাৰ বাবে ৱানখেডে কৰা আবেদনৰ প্ৰতি বিবাদীগণে নিজৰ শপতনামা দাখিল কৰক ৷ শুনানিৰ পৰৱৰ্তী তাৰিখ ৩০ অক্টোবৰ ধাৰ্য কৰে আদালতে ৷
উল্লেখ্য যে কৰ্কট ৰোগীক সহায় কৰাৰ উদ্দেশ্যে ৱানখেড়ে ক্ষতিপূৰণৰ বাবে ২ কোটি বিচাৰিছিল৷ যিটো তেওঁ টাটা মেম’ৰিয়েল কেন্সাৰ হাস্পতাললৈ দান কৰাৰ মনস্থ কৰিছে। ৱানখেড়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত উল্লেখ কৰে যে এই ধাৰাবাহিকখনে ড্ৰাগছ বিৰোধী সংস্থাসমূহৰ বিভ্ৰান্তিকৰ আৰু নেতিবাচক চিত্ৰণ প্ৰচাৰ কৰে৷ যাৰ ফলত আইন প্ৰয়োগকাৰী প্ৰতিষ্ঠানসমূহৰ ওপৰত জনসাধাৰণৰ আস্থা সন্দেহৰ আৰ্বতত পৰাৰ সম্ভাৱনা আছে ৷
