Jorhat:
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা পূব অসম ভ্রমণত থকাৰ সময়তে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি দলত্যাগ কৰিলে যোৰহাট জিলা বিজেপিৰ উপ-সভাপতি ড: দিব্যজ্যোতি লিখকে। জ্যেষ্ঠ নেতাজনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
এই পদত্যাগ পত্ৰত দলৰ জিলা উপ-সভাপতিৰ পদৰ লগতে প্রাথমিক সদস্য পদো ত্যাগ কৰা বুলি ড° লিখকে উল্লেখ কৰিছে। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ৰ যোৰহাট জিলাৰ আহ্বায়ক সৌৰভ বৈশ্যয়ো দলত্যাগ কৰে। বৈশ্যয়ো ‘মন কী বাত’ৰ আহ্বায়ক পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে।
আনহাতে, দলত্যাগ সম্পর্কত ড° লিখকে ‘দৈনিক অগ্রদূত’ক কয়, ‘বিজেপিৰ বৰ্তমানৰ নেতৃত্ব প্রতিষ্ঠা কালৰ আদৰ্শৰ পৰা বিচলিত হৈছে। আদর্শচ্যুত দলটোৰ প্ৰতিষ্ঠা কালৰ নিষ্ঠাবান কর্মীসকল অৱহেলিত হৈ থকাৰ বিপৰীতে তুলনামূলকভাৱে নতুন সদস্যসকল অধিক লাভৱান হৈছে আৰু সকলোতে অগ্রাধিকাৰ পাইছে।’ সম্প্রতি যোৰহাট জিলা বিজেপিতো লবীকেন্দ্রিক ৰাজনীতি তুংগত উঠিছে বুলিও তেওঁ ক্ষোভ প্রকাশ কৰে।
ড° লিখকে কয়, ‘কাম কৰাৰ পৰিৱেশ একেবাৰে নোহোৱা হৈছে। এইবোৰক লৈ জিলা নেতৃত্বৰ লগত মোৰ কিছু মতানৈক্য আছিল। জিলা নেতৃত্বৰ ওপৰত মোৰ কিছু অভিযোগো আছিল। এই বিষয়ে ৰাজ্যিক নেতৃত্বক অৱগত কৰিছিলো যদিও সদুত্তৰ নাপালো। ব্যৱস্থাও গ্রহণ নকৰিলে। এই কথাই মোক যথেষ্ট মনোকষ্ট দিলে। দলৰ বৰ্তমানৰ নেতৃত্ব প্রতিষ্ঠা কালৰ আদৰ্শৰ পৰা বিচলিত হোৱাটো আটাইতকৈ ডাঙৰ কথা।’ বিজেপিয়ে সদায় এক ব্যক্তি এক পদ নীতিত আছিল যদিও বৰ্তমানৰ বিজেপি নেতৃত্বই এই নিয়ম মানি নচলে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।
এই সম্পর্কত তেওঁ কয়, ‘প্রিয়ভাজন একেজন ব্যক্তিয়ে ছয়-সাতটা পর্যন্ত পদ আৰু সা-সুবিধা আদায় কৰি আহিছে। এই কথাবোৰ দেখি বহুদিনৰ পৰাই মোৰ দলৰ প্ৰতি বিতৃষা আহিছিল; কিন্তু পদত্যাগ কৰিব পৰা নাছিলো। শেহতীয়াকৈ দল আৰু চৰকাৰৰ কিছু কাণ্ড-কাৰখানাই মোক সাংঘাতিক ধৰণে মনোকষ্ট দিলে। গতিকে পদত্যাগ কৰিবলৈ বাধ্য হ’লো।’
উল্লেখ্য যে ড° লিখক বিজেপিৰ এজন জ্যেষ্ঠ কর্মকর্তা। তেওঁ ২০১৭ৰ পৰা দুটা কাৰ্যকালৰ বাবে অ’বিচি মৰ্চাৰ ৰাজ্যিক সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি দলৰ তথ্য-প্রযুক্তি কোষ (আইটি চেল) আৰু সামাজিক মাধ্যমৰ ৰাজ্যিক আহ্বায়কো আছিল।
ইপিনে, মুখ্যমন্ত্ৰীৰ পূব অসম ভ্ৰমণৰ সময়তে শাসক দলৰ দুজনকৈ জ্যেষ্ঠ নেতাই দলত্যাগ কৰা ঘটনাই ব্যাপক চর্চা অৰ্জন কৰিছে। এনে অৱস্থাতে এক সূত্রই সদৰী কৰা অনুসৰি, দলৰ বৰ্তমানৰ নেতৃত্বক লৈ ক্ষুব্ধ হোৱা বৃহৎসংখ্যক বিজেপিৰ কৰ্মকর্তাই দলত্যাগ কৰাৰ প্ৰস্তুতি চলাইছে।
ADVERTISEMENT






























