Nobel Prize:
ধাতুৰ জৈৱিক কাঠামোৰ উন্নয়নক লৈ সম্পন্ন কৰা এক যুগান্তকাৰী গৱেষণাৰ স্বীকৃতি স্বৰূপে তিনিগৰাকী ৰসায়ন বিজ্ঞানীলৈ চলিত বৰ্ষৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। কালি ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সেছে ঘোষণা কৰা অনুসৰি, চলিত ২০২৫ৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা ছুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰ’বছন আৰু ওমৰ এম য়াঘিলৈ আগবঢ়োৱা হৈছে।
সেই সূত্রে এই সন্মানীয় বঁটাৰ স’তে কৃতী বিজ্ঞানী তিনিগৰাকীয়ে ধনৰ পুৰস্কাৰো লাভ কৰিব। বঁটাৰ স’তে থকা প্ৰায় ১০ কোটি টকা তিনিওৰে মাজত ভাগ-বিতৰণ কৰা হ’ব। তিনি বিজ্ঞানীৰ কৃতী সম্পৰ্কত ৰয়েল ছুইডিছ একাডেমীয়ে কয়, ‘ধাতুৰ জৈৱিক কাঠামোক মৰুভূমিৰ বায়ুৰ পৰা পানী সংগ্ৰহত ব্যৱহাৰ কৰিব পৰা হ’ব। কার্বন-ডাই-অক্সাইডক আবদ্ধ কৰি আৰু বিষাক্ত গেছক মজুত কৰি ৰাসায়নিক বিক্রিয়াত অনুঘটকৰূপে ব্যৱহাৰ কৰাটো ধাতুৰ জৈৱিক কাঠামোক ব্যৱহাৰ কৰিব পৰা হ’ব। ধাতুৰ জৈৱিক কাঠামোৱে পূর্বে নেদেখা প্ৰচুৰ সম্ভাৱনা বহন কৰিছে।’
উল্লেখ্য যে এই তিনি কৃতী বিজ্ঞানীৰ অন্যতম কিটাগাৱাই বর্তমানে জাপানৰ কিয়ট’ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। তেওঁ কিয়ট’ বিশ্ববিদ্যালয়ৰ পৰাই হাইড্ৰ’কার্বন ৰসায়ন বিজ্ঞানৰ পিএইছডিধাৰী। আনহাতে, ব্রিটেইনত জন্মলাভ কৰা ৰ’বছনে অক্সফোর্ড বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান অধ্যয়ন কৰে। সম্প্রতি তেওঁ মেলবর্ণ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। যুটীয়াভাৱে এইবাৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা আনগৰাকী বিজ্ঞানী য়াঘিয়ে জদানৰ আম্মানত জন্মলাভ কৰে। তেওঁ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি গ্ৰহণ কৰে। বৰ্তমানে তেওঁ কেলিফ’র্ণিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে।
ইপিনে, আজি চলিত বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা ঘোষণা কৰা হ’ব। পিছদিনা শান্তিৰ ন’বেল বঁটা ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
ADVERTISEMENT






























