State Bjp President Dilip Saikia:ইউপিপিএলৰে দূৰত্ব বৃদ্ধিৰ চৰ্চা বিজেপিৰ পর্যালোচনা সভাত শোচনীয় ফলাফল হ’লেও ভোট বৃদ্ধি হোৱা বুলি সন্তুষ্টি

আজিৰ পৰা ডিব্ৰুগড়ত দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

dilip sa

State Bjp President Dilip Saikia:

ইউপিপিএলৰ লগত দুৰত্ব বৃদ্ধি বিজেপিয়ে। বুধবাৰে এই চর্চাই হয় দলৰ ৰাজ্যিক কার্যালয়ত। উল্লেখ্য যে প্রথমবাৰলৈ সর্বশক্তিবে বিটিচিব নির্বাচনত অৱতীর্ণ হৈয়ো পূর্বব তুলনাত শোচনীয় ফলাফল প্রদর্শন কৰে৷
এই ফলাফলৰ কালি দলটোৱে পর্যালোচনা কৰে আৰু আগন্তুক দিনৰ ৰাজনৈতিকহিচাপ-নিকাচেৰে ইউপিপিএলৰ পৰা কৌশলগতভাৱে দূৰত্ব বজাই ৰখাৰ সম্পর্কত আলোচনা কৰা হয়। ফলাফল পূর্বব তুলনাত শোচনীয় হ’লেও ৰাজ্যৰ শাসক দলটোৱে হিচাপ উলিয়ায় যে ২০২০ৰ নির্বাচনৰ তুলনাত এইবাৰ ৩০ খন আসনত প্রতিদ্বন্দ্বিতা কৰি এক লাখতকৈ অধিক ভোট পাবলৈ সক্ষম হয়। ভোটত এই পৰিমাণে বিটিচি অঞ্চলত বিজেপিৰ গণভিত্তি বৃদ্ধি হোৱাটোকে সূচাইছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সভাত মন্তব্য কৰে।
কংগ্ৰেছৰ লগত বিজেপিৰ ভোটৰ এক তুলনাত্মক পৰিসংখ্যাও পর্যালোচনা সভাত দাঙি ধৰা হয়। সেই অনুসৰি কোকৰাঝাৰত বিজেপিয়ে ২০.০৪ শতাংশ, চিৰাঙত ১৭.০৭ শতাংশ, বাকসাত ২৯.০১ শতাংশ, তামুলপুৰত ২৮.০৪ শতাংশ আৰু ওদালগুৰিত ২০.০৬ শতাংশ ভোট লাভ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে কোকৰাঝাৰত ২.০৬ শতাংশ, চিৰাঙত ১.০৩ শতাংশ, বাকসাত ১.০৫ শতাংশ, তামুলপুৰত ২.০৩ শতাংশ আৰু ওদালগুৰিত ২.০২ শতাংশ ভোট লাভ কৰে। এই পর্যালোচনা সভাত বিটিচিৰ নিৰ্বাচনৰ দায়িত্বত থকা সমষ্টিসমূহৰ তত্ত্বাৱধায়ক, জিলা পর্যবেক্ষক হিচাপে থকা মন্ত্রীসকল, জিলা সহকাৰী প্ৰভাৰী, দলৰ বিটিচিৰ পাঁচখন জিলাৰ সভাপতি আৰু নিৰ্বাচনত অৱতীর্ণ প্রার্থীসকল উপস্থিত থাকে।
ইপিনে, আজি আৰু কাইলৈ ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব দলৰ ৰাজ্যিক বর্ধিত বিষয়ববীয়া সভা। এই সভাত ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশ আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰা হ’ব। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্ব, বিভিন্ন বিষয়ববীয়া, জিলাৰ সভাপতিসহ নির্বাচিত বিষয়ববীয়াসকল এই সভাত উপস্থিত থাকিব।
Exit mobile version