NCRB:✒️নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ (এনচিআৰবি)ৰ শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি, ২০২৩ বৰ্ষত ভাৰতত ১৩,৮৯২ জন শিক্ষার্থীয়ে আত্মহত্যা কৰিছিল। এই পৰিসংখ্যা বিগত ১০ বছৰত সৰ্বাধিক আছিল।
২০২৩ত দেশত মুঠ আত্মহননকাৰীৰ ৮.১ শতাংশ আছিল শিক্ষার্থী। শিক্ষার্থীৰ লগতে ২০২৩ বর্ষত দেশত ১৪,২৩৪ নিবনুৱাই আত্মহত্যা কৰিছিল। মুঠ আত্মহননৰ ৮.৩ শতাংশ আছিল নিবনুৱাৰ আত্মহনন।
অৱশ্যে ২০২২ৰ তুলনাত ২০২৩ত নিবনুৱাৰ আত্মহনন কিছু হ্রাস পাইছিল। ২০২২ত দেশত ১৫,৭৮৩ জন নিবনুৱাই আত্মহত্যা কৰিছিল। পৰীক্ষাত অনুত্তীর্ণ হোৱাৰ কাৰণত ১৮ বছৰৰ অনুর্ধ্ব বয়সৰ লোকে সর্বাধিক আত্মহনন কৰিছিল।
এই কাৰণত ২০২৩ত ভাৰতত ১,৩০৩ জন শিক্ষার্থীয়ে আত্মহত্যা কৰিছিল। ২০১৪ৰ পৰা ২০২৩ৰ সময়ছোৱাত দেশত শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা ৭২.৯ শতাংশ বৃদ্ধি পালে।
২০১৫ত দেশত ৯০০ শিক্ষার্থীয়ে আত্মহত্যা কৰিছিল। ২০২০ত শিক্ষাৰ্থীৰ আত্মহননৰ সংখ্যা ২১০০ লৈ বৃদ্ধি পাইছিল। এনচিআৰবিৰ তথ্য অনুসৰি, ভাৰতত কৃষকতকৈ শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা অধিক হৈছে।






























