Guwahati :
মহানগৰীৰ নুনমাটিৰ মাধৱপুৰ প্ৰাথমিক বিদ্যালয় সমীপত নিশা সংঘটিত এক দুৰ্ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজন যুৱকৰ। নিশা ১১:১৫ মান বজাত দ্ৰতগতিত অহা এছ এ০১-জিকে ০৩৫৮ নম্বৰৰ বৰইকখনে পথৰ মাজত থকা ডিভাইদাৰত খুন্দা মাৰে ৷ ফলত বাইক আৰোহী যুৱকজন দূৰত চিটিকি পৰে ৷ সংকটজনক অৱস্থাত স্থানীয় লোকে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত যুৱজনৰ নাম হিতেশ দাস ৷
ADVERTISEMENT




































