SIT Chief :আদালতত জমা দিয়া হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদন: এছআইটি মুৰব্বী মুন্নাপ্রসাদ গুপ্তা

m2

SIT Chief :

:অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ গতি যিমানেই আগবাঢ়িছে, সিমানেই এটাৰ পিছত আনটো প্ৰশ্ন উদ্থাপন হৈছে দ আনকি ছ’চিয়েল মেডিয়াত আৰু বাস্তৱ জীৱনতো বহু প্ৰশ্ন আৱৰি ধৰি ৷ এনেক্ষেত্ৰত তদন্তকাৰী সন্থা চিআইডিৰ এছ আইটিয়ে তদন্ত ক্ষীপ্ৰতাৰে আগবাঢ়িছে বুলি দাবী দাবী কৰিছে যদিও আশ্বস্ত হ’ব পৰা নাই জুবিন অনুৰাগী ৷
জুবিন গাৰ্গৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এচআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই ৷ ইতিমধ্যে তদন্তকাৰী গোটে লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৷আদালতত জমা দিয়া হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৷
পৰীক্ষাৰ প্রতিবেদন মঙলবাৰে ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি হৈছিল একাংশ প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰা বাতৰিক নস্যাৎ কৰে এছ আই টিৰ মুৰব্বী গৰাকীয়ে। এছ আই টিৰ তদন্ত পূৰ্ণ গতিত অব্যাহত আছে ৷আজি তিনিজনকৈ প্ৰৱাসী অসমীয়াই গুৱাহাটীত উপস্থিত হৈ নিজৰ ভাষ্যদান কৰিছে এছআইটিক ৷ চমন জাৰি কৰা সকলোৱে গুৱাহাটীলৈ আহিবই লাগিব ৷তেওঁলোকে এই ক্ষেত্ৰত হোহোকাই পিছলাই থাকিলে নিজৰে বিপদ বাঢ়িব ৷ তেওঁলোক আইনৰ মেৰপাকৰ পৰা বাছিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে এছডিপিপি মুন্নাপ্রসাদ গুপ্তাই।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তও শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্যৰ দৰেই ৰহস্যময় হৈছে। সমগ্র বিষয়টোত নাই কোনো স্পষ্টতা আৰু নাই কোনো প্রত্যয়ভবা বার্তা। তদন্তকাৰী এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই শনিবাৰে এক সংবাদমেলত সদৰী কৰিছিল যে ছিংগাপুৰত জুবিনৰ স’তে য়টত থকা ১০ জন প্ৰৱাসী অসমীয়াক ১৭ নৱেম্বৰৰ ভিতৰত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছে। তেওঁলোক কেতিয়া আহিব সেই সম্পর্কে কোনো স্পষ্টতা নাছিল আৰক্ষী বিষয়াজনৰ ভাষ্যত। তদুপৰি বহুচৰ্চিত ভিছেৰা প্ৰতিবেদন সন্দর্ভতো বিশেষ আৰক্ষী সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাই শনিবাৰে সদৰী কৰে যে তেওঁলোকে শুকুৰবাৰে নিশা ভিছেবা প্রতিবেদন লাভ কৰিছে। তেওঁ কয়, ‘ভিছেনা প্রতিবেদন দিল্লীৰ পৰা শুকুৰবাৰে পাইছো।
এই প্রতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই সমিতিয়ে ভিছেৰা প্রতিবেদন বিবেচনা কৰি মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্রতিবেদন দাখিল কৰিব। এই চূড়ান্ত প্রতিবেদন পোৱাৰ লগে লগে আদালতৰ লগতে পৰিয়ালক দিয়া হ’ব।’ লগতে গুপ্তাই এইদৰেও কয় যে ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন পৰিয়ালবৰ্গক দিবলৈ কোৱা হৈছে আৰু আনক দিবলৈ কোৱা নাই ৷
Exit mobile version