SIT Raid:
চিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা জুবিন গাৰ্গৰ মৃত্যু ঘটনাত বৰ্তমান চিআইডিৰ লকআপৰ আলহী হোৱা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা ন ন কুকীৰ্তি পোহৰলৈ আহিছে ৷
জুবিন গাৰ্গৰ মেনেজাৰ হোৱাৰ সুবাদত সোৱে- বাৱে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰা সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন কামৰূপ জিলাৰ ছয়গাঁওস্থিত ফেক্টৰীত এছআইটিয়ে সোমবাৰে চলাই অভিযান ৷
মহাবীৰ একুৱাৰ নামৰে পঞ্জীভুক্ত পেকেজিং ড্রিংকিং ৱাটাৰৰ ফেক্টৰীটোত বহুসময় ধৰি তালাচী চলাই এছআইটিয়ে জব্দ কৰে কেতবোৰ নথিপত্ৰ ৷
উল্লেখ্য যে, বর্তমান উদ্যোগটোত নাই কোনো নামফলক | প্রায় এবছৰ পূৰ্বে এই উদ্যোগটো ক্রয় কৰিছিল সিদ্ধার্থই |
