Prafulla Kumer Mahanta:
দীর্ঘবিৰতিৰ অন্তত অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই অগপৰ আমবাৰী কাৰ্যালয়ত উপস্থিত হয় প্রতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত। পত্নী পুত্রসহ কার্যালয়ত উপস্থিত হোৱা প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ বিপুল হৰ্ষোল্লাসেৰে আদৰণি জনাই মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্তই ৷
উল্লেখ্য আজি আছিল অগপৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ সেই উপলক্ষে আমবাৰীস্থ কাৰ্যালয়ত বিশেষ আয়োজন ৷ প্ৰতিষ্ঠা দিবসত অসুস্থ দেহাৰে সপত্নীক অংশ লোৱা প্ৰফুল্ল মহন্তই কয়,আগন্তুক দিনত অগপ দলটো অধিক শক্তিশালী হৈ উঠিব। লগতে আগন্তুক দিনবিলাকত অসমৰ জনসাধাৰণৰ হৈ মাত মতাৰ সুবিধা পাব। সেয়েহে আঞ্চলিক দলটোক সকলোৱে আদৰি লৈ আঞ্চলিকবাদৰ ভেটি শক্তিশালী কৰিব লাগে ৷
