Baska :বাক্সা জিলা কাৰাগাৰৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি

ৰাইজৰ উত্তাল প্ৰতিবাদক ছত্ৰভঙ্গ দিবলৈ আৰক্ষীৰ লাঠীচালনা আৰু শূন্যলৈ গুলীচালনা, উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুখনকৈ আৰক্ষীৰ বাহন

lathi 1

Baska :

চিআইডিৰ ১৪ দিনীয়া জিন্মাৰ অন্তত জুবিন মৃত্যুৰ পাঁচ অভিযুক্ত শ্যামকানু মহন্ত ,সিদ্ধাৰ্থ শৰ্মা,সন্দিপন গাৰ্গ,নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক কামৰূপ চিজেএম আদালতত আজি হাজিৰ কৰোৱা হয় ৷
আদালতে পাঁচ অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী- চিআৰপিএফৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে বিশাল কনভয়ৰে বাক্সাৰ নিকাছিলৈ নিয়া হয় ৷ যাত্ৰাপথত কনভয়টোক ঠায়ে ঠায়ে জুবিন অনুৰাগীয়ে বাধা প্ৰদানৰ মাজেৰে বিয়লি নিকাছিস্থিত জিলা কাৰাগাৰত উপস্থিত হয় পাঁচ অভিযুক্ত লৈ অনা বাহন খন ৷
আনহাতে বাহন খন প্ৰৱেশত বাধা প্ৰদান কৰে শশ জুবিন অনুৰাগীয়ে ৷ আনকি একাংশ গেইটৰ সন্মুখত অৱস্থান কৰি বিভিন্ন শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি ভিতৰত প্ৰৱেশৰ চেষ্টা চলায় ৷ আনকি আৰক্ষীয়ে তৰ্কাতৰ্কিত লিপ্ত হৈ ৰাইজে আৰক্ষীলৈ শিলাবৰ্ষন কৰে ৷ উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুখনকৈ আৰক্ষীৰ বাহন ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা আৰু শূন্যলৈ গুলীচালনা কৰে ৷ ক্ষুব্ধ ৰাইজৰ শিলাবৰ্ষনত আহত হয় কে’বাজনো আৰক্ষী | আৰক্ষীৰ লাঠীচালনাৰ পিছত ৰাইজ আঁতৰি যায় যদিও বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে।
উল্লেখ্য যে, নিৰাপত্তাজনিত কাৰণতে পাঁচ অভিযুক্তক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ বিপৰীতে বাক্সাৰ নৱ নিৰ্মিত জিলা কাৰাগাৰ খনলৈ লৈ অনা হয় ৷ মাত্ৰ দুমাহ পূৰ্বে মুকলি কৰা কাৰাগাৰ খনৰ প্ৰথম আলহী হ’ল শ্যামকানু মহন্ত ,সিদ্ধাৰ্থ শৰ্মা,সন্দিপন গাৰ্গ,নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ৷
Exit mobile version