Judicial Custody:
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যু কাণ্ডৰ পাঁচ অভিযুক্ত শ্যামকানু মহন্ত,সিদ্ধার্থ শৰ্মা,সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ১৪দিনৰ বাবে আছিল লকআপত ৷
বুধবাৰে পুৱা পাঁচ অভিযুক্তক হেণ্ডকাফ লগাই চিআইডি হেড কোৱাৰ্টাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত লৈ যোৱা হয় কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতলৈ ৷ আদালতত হাজিৰ কৰাৰ পিচতে চিজেএম আদালতে ১৪ দিনৰ বাবে প্ৰেৰণ কৰে ন্যায়িক জিন্মালৈ ৷
সেই অনুসৰি শ্যামকানু মহন্ত,সিদ্ধার্থ শৰ্মা,সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ পৰৱৰ্তী ঠিকনা হ’ল বাক্সাৰ জিলা কাৰাগাৰ৷ ইতিমধ্যে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে আটাইকেইজন অভিযুক্তক লৈ যোৱা হয় বাক্সালৈ ।ADVERTISEMENT




































