Road Accident:জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

বাহনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ

accident 1

Road Accident:

নিশা জাগীৰোড ভয়ংকৰ পথ দুৰ্ঘটনা । চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত বাহনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু হয় দুজন লোকৰ ৷
তীব্র বেগী মহিন্দ্রা মেক্স পিক আপ বাহনে নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে ৷ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ মুহূৰ্ততে জুয়ে আগুৰি ধৰে বাহন খন ৷ বাহন খনৰ চালক আৰু আন এজন আৰোহী বাহনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় । মৃত্যু হোৱা দুই আৰোহী একেঘৰৰ দুই ভাতৃ ৷ দুয়োৰে ঘৰ বৰপেটাত ৷ নতুন বাহন খন কিনি আজি দুই ভাতৃয়ে প্ৰথম যাত্ৰা কৰিছিল যদিও এইয়াই তেওঁলোকৰ অন্তিম যাত্রা হ’ল ৷
Exit mobile version