পৰিৱেশ-সাংস্কৃতিক পর্যটনক উদগনি যোগোৱাৰ উদ্দেশ্যে অগ্রণী জৈৱ বৈচিত্র্য সংৰক্ষণ সংস্থা আবণ্যক সমর্থনত ৰূপায়িত ‘জার্ণি ফ’ৰ লার্নিং জে ফ’ৰ এল শীর্ষক প্রকল্পলৈ উত্তৰ-পূব ভাৰত পর্যটন বঁটা (এন ই আই টি এ) ২০২৫ৰ শ্রেষ্ঠ সম্প্রদায় ভিত্তিক পর্যটন পদক্ষেপ বঁটাৰে সন্মানিত কৰা হৈছে। ১১ অক্টোবৰত এই বঁটা ঘোষণা কৰা হৈছিল।
উত্তৰ-পূব ভাৰতৰ আঠখন বাজ্যৰ পৰ্যটন ক্ষেত্রলৈ অৱদান আগবঢ়োৱা ব্যক্তি আৰু সংগঠনক সম্মান জনোৱাৰ উদ্দেশ্যে এই বছৰ প্ৰৱৰ্তন কৰা আৰু উত্তৰ-পূব পৰ্যটনৰ অস্কাৰ হিচাপে পৰিচিত উত্তৰ-পূব ভাৰত পৰ্যটন বঁটাৰ জবিয়তে সমগ্র অঞ্চলটোৰ ভ্ৰমণ, সংস্কৃতি আৰু উদ্ভাৱনৰ ক্ষেত্রত কৰা উৎকৃষ্ট কর্মক স্বীকৃতি দিয়া হয়। অভিজ্ঞতা ভিত্তিক শিকন আৰু সংৰক্ষণৰ থলুৱা জ্ঞানৰ সংমিশ্রণ ঘটোৱা আৰু কাজিৰঙা-কাৰ্বি আংলং আৰু মানাহ অঞ্চলত ৰূপায়ণ কৰি থকা জাৰ্ণি ফৰ লার্নিং (জে ফ’ৰ এল)ৰ অধীনত স্থানীয় সমুদায়ৰ বাবে জীৱিকাৰ সুযোগৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ বহনক্ষম পর্যটনক উদগনি যোগোবা হয়।
‘জে ৪ এলে’ অসমৰ কাৰ্বি আংলঙত সম্প্রদায় ভিত্তিক পৰিৱেশ সাংস্কৃতিক পর্যটনৰ প্ৰসাৰৰ ক্ষেত্রত স্থানীয় সমুদায়ক সক্রিয়ভাবে জড়িত কৰি যথেষ্ট সুফল লাভকৰিছে। স্থানীয় লোকসকলেই এই পদক্ষেপৰ সফলতাৰ কেন্দ্রবিন্দু। ১০ মহিলা পৰিচালিত কিগুলাংছ’ হোমস্টে আৰু ১১ সম্প্রদায় পৰিচালিত লংকিৰি গাইডিং গ্রুপ আৰু ১০ মহিলা পৰিচালিত থেছ’ আত্মসহায়ক গোটে স্থানীয় পৰিৱেশ তন্ত্র সংৰক্ষণ কৰাৰ লগতে বহনক্ষম জীবিকাৰ সুযোগ সৃষ্টি কৰিছে।
এই পদক্ষেপৰ জৰিয়তে ৭৮৮ গৰাকী পর্যটকক প্রকৃতি ভ্ৰমণৰ সুবিধা প্রদানৰ লগতে ৪০০০ৰ অধিক সাঁজ খাদ্য যোগান আৰু ১,৬১৪টাতকৈও অধিক ৰাত্রি যাপনৰ সুবিধা কৰি দিয়া হৈছে। ইংগনাম কেংকামৰ পৰা বার্ষিক আয় ক্রমাগতভাবে বৃদ্ধি হৈ ২০২৪ত সর্বাধিক হৈছেগৈ আৰু ই সমুদায়িক মালিকীস্বত্ব আৰু অংশগ্রহণে পৰম্পৰাগত জ্ঞান, মহিলা নেতৃত্ব আৰু পৰিৱেশ-অনুকূল পর্যটনৰ মিশ্রণ ঘটাই পৰিৱেশৰ বহনক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত জে ফ’ৰ এলৰ সফলতাত সহায় কৰিছে।
আৰণ্যক জৈৱ বৈচিত্র্য আৰু পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ লগতে প্রাকৃতিক সম্পদ ব্যৱস্থাপনা, বিকল্প আৰু বহনক্ষম জীৱিকা পদ্ধতি, শিক্ষা আৰু সজাগতা প্ৰসাৰণৰ জৰিয়তে কাজিৰঙা-কাৰ্বি-আংলং আৰু মানাহ প্রাকৃতিক ভূ-খণ্ডত বাস কৰা খিলঞ্জীয়া জনগোষ্ঠীসমূহক সহায়ৰ বাবে প্রতিশ্রুতিবদ্ধ। আইইউচিএন-কেএফডব্লিউৰ সহযোগত আৰণ্যকে এই পদক্ষেপ গ্রহণ কৰিছে।






























