Arunachal Pradesh:✒️অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত আছাম ৰাইফলছৰ এটা শিবিৰত কালি পুৱতি নিশা আলফা (স্বাঃ) আৰু এনএছচিএন (কেৱাইএ)-এ এক ভয়াবহ আক্রমণ সংঘটিত কৰে।
আক্রমণটোত কমেও চাৰিজন জোৱান আহত হয় বুলি সূত্রই প্রকাশ কৰিছে। সূত্ৰই জনোৱা মতে, মানম’ৰ অঞ্চলৰ হাটমান বস্তিস্থিত অর্ধ-সামৰিক বাহিনীটোৰ শিবিৰৰ উগ্রপন্থী সংগঠন দুটাৰ এটা বৃহৎ দলে প্রচণ্ড গুলিবর্ষণ কৰি আঁতৰি যায়।আক্রমণকাৰী দলটো ৪৮ জনীয়া আছিল বুলি সূত্রই জনায়।
সূত্রই জনোৱা মতে, এনএছচিএন (কেৱাইএ) ৰ কৰ্ণেল মাইকম মাইবঙৰ নেতৃত্বত অহা সশস্ত্ৰ দলটোৱে আন্ধাৰৰ সুযোগ লৈ আছাম ৰাইফলছৰ শিবিৰটোলৈ ধাৰাসাৰে গুলিবর্ষণ কৰে। ফলত কমেও চাৰিজন জোৱান গুলিবিদ্ধ হয়। ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি সূত্রই জানিবলৈ দিছে। পাছত ভাৰতীয় সেনাবাহিনীৰ দিনজান শিবিৰৰ পৰা যোৱা হেলিকপ্টাৰে জোৱানদ্বয়ক উদ্ধা কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে।
জোৱানদ্বয়ৰ নাম হৰিচৰণ আৰু ৰাহুল বৰা বুলি সূত্রই সদৰী কৰিছে। ইপিনে, উগ্রপন্থীৰ এই ভয়াৱহ আক্ৰমণৰ প্ৰত্যুত্তৰ আছাম ৰাইফলছে গুলিৰে দিয়ে। ফলত দুয়োপক্ষৰ মাজত কমেও ৪৫ মিনিট সময় গুলিৰ বিনিময় ঘটি থাকে।
অৱশ্যে এই সংঘর্ষত উগ্রপন্থী দলটোৰ কোনো লোক হতাহত হোৱা নাই বুলি সূত্রই জনায়। সূত্ৰই জনোৱা মতে আক্রমণ সংঘটিত কৰি উগ্রপন্থীৰ দলটোৱে পুনৰ ম্যানমাৰৰ গভীৰ অৰণ্যত প্ৰৱেশ কৰে। পাছত সেনাবাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি উগ্ৰপন্থীৰ সন্ধানত অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়ত সেনাবাহিনীয়ে ড্র’নো ব্যৱহাৰ কৰিছে।
অৱশ্যে বাতৰি লিখা পৰলৈ নিৰাপত্তা বাহিনীয়ে উগ্রপন্থী দলটোৰ সন্ধান উলিয়াব পৰা নাই। স্বাভাৱিকতে উগ্ৰপন্থীৰ এই ভয়াৱহ আক্রমণে নিৰাপত্তা বাহিনীত জোঁকাৰণিৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আছাম ৰাইফলছৰ ওপৰত বিগত তিনিমাহত আজিলৈ উগ্রপন্থীয়ে দুবাৰ আক্রমণ সংঘটিত কৰিলে।






























