Himanta Viswa Sarma:
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ তদন্ত কৰি থকা এছ আই টিক সেউজ সংকেত ছিংগাপুৰ আৰক্ষীৰ ৷ ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ’ব ছিংগাপুৰত ৷ বৈঠকত অসম আৰক্ষীৰ নেতৃত্বত থাকিব চিআইডিৰ এছডিজিপি মুন্না প্ৰসাদ গুপ্তা ৷সেই বৈঠকৰ পাছত অধিক স্পষ্ট হ’ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,মুখ্যসচিবৰ জৰিয়তে অৱগত হৈছে যে অসম আৰক্ষীৰে বৈঠকত বহাা বাবে আগ্ৰহ প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষী। সেয়েহে ২১ অক্টোবৰ পূৰ্বে অসম আৰক্ষী দলটো উপস্থিত হ’ব ছিংগাপুৰত।
আনহাতে মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,জুবিন গাৰ্গৰ প্ৰসংগত ছিংগাপুৰৰ শীৰ্ষ ৰাজনীতি সকলৰ এফ বিত জুবিন অনুৰাগীয়ে কেতবোৰ মন্তব্য দিয়াত ছিংগাপুৰ প্ৰশাসনে ক্ষোভ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে তেওঁলোকৰ ক্ষোভৰ কথা ব্যক্ত কৰিছে ভাৰতীয় দূতাবাসক ৷
