Rahul Gandhi:
আজি আবেলি গুৱাহাটীত উপস্থিত হ’ব কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী। দিল্লীৰ পৰা গুৱাহাটী এয়াৰপৰ্টত অৱতৰণ কৰাৰ পিছতে লোকসভাৰ বিৰোধী দলপতি গৰাকী স্থল পথৰে উপস্থিত হ’ব সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ৷ ৰাহুল গান্ধীয়ে সমাধিক্ষেত্ৰত অসমীয়াৰ হিয়াৰ আমঠু গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ইয়াৰ পিছতে জুবিনক্ষেত্ৰৰ পৰা ৰাহুল গান্ধী ৰাওনা হ’ব জুবিন গাৰ্গৰ কাহিলিপাৰাস্থ বাসগৃহত ৷ বাসগৃহত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ শইকীয়াৰ সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ স’তে মতবিনিময় কৰিব ৷
উল্লেখ্য যে,কংগ্ৰেছৰ শীৰ্ষ নেতা গৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ জুবিন সমাধিক্ষেত্ৰত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰে ৷ আনহাতে ৰাহুল গান্ধীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে শুকু্ৰবাৰে পুৱাৰে পৰা সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত চৌদিশে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ একেদৰে জুবিন সমাধিক্ষেত্ৰৰ আশে-পাশে পাঁচশ মিটাৰ ব্যাসাৰ্থৰ ভিতৰত সকলো ধৰণৰ যানবাহনৰ পাকিং নিষিদ্ধ কৰিছে মহানগৰ আৰক্ষীয়ে।
আনহাতে জুবিনক্ষেত্ৰলৈ আহযাহ কৰা সকলো দৰ্শনাৰ্থীক অহনিষে পৰ্যবেক্ষণ কৰাৰ বাবে সংলগ্ন কৰা হৈছে চিচিটিভি কেমেৰা।
